NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি বিধায়কৰ বিতৰ্কিত ভিডিঅ’; ‘তবলিগী জামাতি আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা আঁতৰি থাকক’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 5:35 pm
Sahendra Singh Chauhan

এগৰাকী বিজেপিৰ বিধায়কৰ ফেইচবুক কাণ্ডই তোলপৰ লগাইছে চ’ছিয়েল মিডিয়াত।

বিজেপি বিধায়কগৰাকীয়ে এটা ফেইচবুক ভিডিঅ’টোত নিজৰ সমষ্টিবাসীক তবলিগী জামাতীৰ লগতে তেওঁলোকৰ সম্প্ৰদায়টোৰ পৰা সমষ্টিবাসীক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে।

ৰাষ্ট্ৰীয় লোক দলৰ প্ৰাক্তন সদস্য তথা বৰ্তমানৰ বিজেপি ছাহেন্দ্ৰ সিং চৌহানে ভিডিঅ’টোত কয় যে এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকে ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈ ইয়াৰ সংক্ৰমণ সম্প্ৰসাৰিত কৰি আছে।

তেওঁ লগতে তেওঁৰ সমষ্টিবাসীক জামাতীৰ লগতে সেই বিশেষ ধৰ্মীয় সম্প্ৰদায়টোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

‘মই খাদ্য সামগ্ৰী বিতৰণ কৰা দল আৰু স্থানীয় দণ্ডাধীশক তেওঁলোকৰ বাবে বেলেগে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ কৈছো আৰু তেওঁলোকৰ বাবে ধন উলিওৱাৰ এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিবলৈ কৈছো। ই জিলাখনৰ লগতে দেশত বাবেই অতি জৰুৰী।’ বিধায়ক গকাৰীয়ে ভিডিঅ’টোত এইদৰে আৰু কয়।

এজন জনপ্ৰতিনিধয়ে এনে এক সংকটৰ সময়ত নিজ সমষ্টিৰ কেৱল এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ক এইদৰে লক্ষ্য কৰি লোৱাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বহুতে এনে সাম্প্ৰদায়িক মন্তব্যৰ বাবে বিধায়কগৰাকীক সমালোচনা কৰা দেখা গৈছে।