NORTHEAST NOW (Assamese)
অসম

ফেইচবুকত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য; অভিনেতা আজাজ খানক মুম্বাইত গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 9:01 pm
Ajaz Khan

অভিনেতা আজাজ খানক ঘৃণা বিয়পোৱা ভাষণৰ বাবে মুম্বাইত গ্ৰেপ্তাৰ কৰা হৈছে।

অভিনেতা খানক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে খাৰ আৰক্ষী চকীত মানহানি, ঘৃণা বিয়পোৱা ভাষণ আৰু নিষেধাজ্ঞা আদেশ উলংঘন কৰাৰ অভিযোগত এক গোচৰ ৰুজু কৰা হৈছে।

অভিনেতা গৰাকীয়ে ফেইচবুক লাইভত সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰাৰ পাছতে মুম্বাই আৰক্ষীয়ে চাইবাৰ ক্ৰাইমৰ বিভাগৰ সহযোগত গ্ৰেপ্তাৰ কৰে।

জনপ্ৰিয় টেলিভিশ্যনৰ শ্ব’ বিগবছৰ প্ৰাক্তন প্ৰতিযোগী আজাজ খানক বিগত বৰ্ষৰ জুলাই মাহতো টিকটিকত সাম্প্ৰদায়িক ভিডিঅ’ আপলোড কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ল’কডাউন চলি থকা সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে ইয়াক সাম্প্ৰদায়িক ৰং দিব চেষ্টা অব্যাহত ৰাখিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰাও এইসকলো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কৰা হ’ব বুলি সতৰ্ক কৰি দি জনসাধাৰণক এনেধৰণৰ কাৰ্য্যৰ পৰা আঁতৰত থকাৰ বাবে আহ্বান কৰিছে।