NORTHEAST NOW (Assamese)
অটো

কৰ’না সংকটৰ মাজতে ভেন্টিলেটৰ বনোৱাৰ বাবে আগবাঢ়িছে কাৰ নিৰ্মাতা কোম্পানী Hyundai

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2020 9:14 am
venti750_1587269440_618x347 new

কাৰ নিৰ্মাতা কোম্পানী হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে চলিত সংকটৰ সময়ত ভেন্টিলেটৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে ফ্ৰান্সৰ কোম্পানী এয়াৰ লিক্কিড মেডিকেল চিষ্টেমছৰ (এ এল এম এছ) সৈতে চুক্তি কৰিছে।

দেশত কৰ’না ভাইৰাছৰ সংকট বৃদ্ধি পোৱাৰ সময়ত অটোমোবাইল কোম্পানীসমূহে নিজৰ নিজৰ সামৰ্থ অনুযায়ী সহায়ৰ বাবে আগবাঢ়ি আহিছে। এনে সময়তে হুণ্ডাই কোম্পানীয়ে চিকিৎসা ব্যৱস্থাক সহায় কৰাৰ বাবে ভেন্টিলেটৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে।

জানিব পৰা মতে এই ভেন্টিলেটৰ তামিলনাডু আৰু আন ৰাজ্যত যোগান ধৰিব। ফ্ৰান্সৰ কোম্পানী এ এল এম এছৰ ভাৰতীয় শাখীৰ কাৰখানা চেন্নাইৰ ওচৰত আছে। বুজাবুজি অনুসৰি দুয়োটা কোম্পানীয়ে প্ৰথম পৰ্যায়ত ১,০০০ ভেন্টিলেটৰ বনাব আৰু পাছলৈ ইয়াৰ সংখ্যা বৃদ্ধি কৰিব।

হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যৱাহী বিষয়া এছ এছ কিমে কয় যে কৰ’না ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভেন্টিলেটৰকে ধৰি আন চিকিৎসা সামগ্ৰী বহু গুৰুত্বপূৰ্ণ। দেশত ভেন্টিলেটৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ হুণ্ডাই আৰু এ এল এম এছে চেষ্টা অব্যাহত ৰাখিব।

উল্লেখ্য যে আগন্তুক দিনত যদি কৰ’নাকলৈ পৰিস্থিতি অধিক অৱনতি ঘটে তেতিয়া ভেন্টিলেটৰৰ প্ৰয়োজনীয়তা বৃদ্ধি পাব।

বেন্টিলেটৰ এনে এক যন্ত্ৰ যিয়ে ৰোগীক শ্বাস লোৱাত সহায় কৰে। সাধাৰণতে নিজেই অক্সিজেন গ্ৰহণ কৰিবলৈ অসমৰ্থ ৰোগীসকলক এই যন্ত্ৰই শ্বাস লোৱাত সহায় কৰে।