NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ মাজতে শিলত ছবি আঁকি UNICEFৰ প্ৰশংসা বুটলিছে অসমৰ যুৱকে

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 20, 2020 2:20 pm

প্ৰকৃতিপ্ৰেমী এজন যুৱক। চৰাই, পখিলাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ কামত ব্যস্ত থাকি ভালপোৱা যুৱকজন ডিগবৈ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞানৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন নায়ক।

ল’কডাউনৰ বাবে ডুমডুমাৰ ৰূপাই চাইডিঙৰ মানখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত বন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰু বৰ শিলত প্ৰকৃতি আৰু চৰাইৰ মনোমোহা চিত্ৰ অংকনত।

নদীৰ বুকুৰ পৰা বুটলি অনা মসৃণ শিলবোৰক পৰিস্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পিচত এটা এটাকৈ চৰাইৰ মনোমোহা চৰাই আৰু প্ৰকৃতিৰ মনোমোহা ছবি। নিৰঞ্জনৰ এই ব্যতিক্ৰমী কাৰ্যই চ’চিয়েল মেডিয়াত ইতিমধ্যেই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউনিচেফৰ ভাৰতীয় শাখাই নিৰঞ্জনৰ এই সৃষ্টিশীলতাৰ প্ৰশংসা কৰিছে। সংস্থাটোয়ে চ’চিয়েল মেডিয়াত প্ৰকাশ কৰিছে নিৰঞ্জনে শিলত অঁকা ছবি।