NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ সময়ত দুজন শিক্ষিত যুৱকে চলন্ত পাচলিৰ দোকানেৰে দেখুৱাইছে নিদৰ্শন

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা April 20, 2020 2:18 pm
Screenshot_20200420-082339_Gallery

যি সময়ত সমগ্ৰ ৰাজ্যৰে কৃষক তথা ব্যৱসায়ী সকলৰ মাজত বহু কেইদিন ধৰি অব্যাহত থকা লকডাউনৰ বাবে স্থবিৰ হৈ থকা বজাৰক কেন্দ্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঠিক সেই সময়তে চামগুৰি আৰু পুৰণিগুদামৰ দুজনকৈ শিক্ষিত যুৱকে দেখুৱাইছে প্ৰশংসনীয় নিদৰ্শন।

বজাৰৰ অভাৱত পৰি ৰাজ্যৰ কৃষকে কৰা বিঘাই বিঘাই ফচল খেতিতে পচিবলৈ ধৰাৰ বাবে কৃষক ৰাইজ হতাশাত ভোগাই নহয় সন্মুখীন হ’ব লগীয়া হৈছে বৃহৎ লোকচানৰো।

কৃষক ৰাইজে সন্মুখীন হোৱা এই সংকটৰ সময়ত হতাশাত হাত সাৱটি তথা চৰকাৰক ধিয়াই বহি থকা নাই চামগুৰি আৰু পুৰণিগুদামৰ দুজন শিক্ষত যুৱকে।

নিজৰ কৃষিভূমিত কৰা ফচল পচি নষ্ট হোৱাৰ পূৰ্বেই তথা লকডাউনৰ সময়ত ৰাইজৰ সুবিধাৰ্থে শিক্ষত যুৱক দুজনে পৃথকে পৃথকে চামগুৰি আৰু পুৰণিগুদামত আৰম্ভ কৰিছে চলন্ত পাচলিৰ দোকান।

ইয়াৰে এজন হৈছে চামগুৰিৰ হেমাৰবড়ীৰ শিক্ষিত যুৱক লক্ষীৰঞ্জন কাকতি। নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদক লক্ষীৰঞ্জনে বিগত প্ৰায় এপষেক ধৰি চামগুৰিৰ ৰাজপথত ঠেলাগাড়ীত লৈ ঠায়ে ঠায়ে বিক্ৰী কৰি আহিছে নিজৰ কৃষিভূমিত কৰা সতেজ শাক-পাচলি।

ইফালে আনজন যুৱক হৈছে নগাঁও পুৰণিগুদামৰ মুঢ়ানীৰ প্ৰাঞ্জল শইকীয়া। লক্ষীৰঞ্জনৰ দৰে প্ৰাঞ্জলো পুৰণিগুদামৰ ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, লগতে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ পুৰণিগুদাম আঞ্চলিকৰ সম্পাদক।

তেওঁৱো পুৰণিগুদামৰ বজাৰ অঞ্চলত ঠায়ে ঠায়ে অস্থায়ীভাবে বহি আৰম্ভ কৰিছে পাচলিৰ দোকান। এওঁলোকৰ উদ্দেশ্য কেৱল এটাই যে, লকডাউনৰ বাবে গৃহবন্দী সৰ্বসাধাৰণ ৰাইজক নিজৰ পৰিয়ালৰ লোকৰ কৃষিভূমিত উৎপাদিত কেঁচা শাক-পাচলি নষ্ট হ’বলৈ নিদি সূলভ মূল্যত যোগান ধৰা।

যুৱক দুজনে চামগুৰি আৰু পুৰণিগুদামত পৃথকে পৃথকে কৰা এনে কাৰ্যই এতিয়া উৎসাহিত কৰিছে বৃহত্তৰ অঞ্চলৰ বহুতো নৱপ্ৰজন্মৰ নিৱনুৱা যুৱক-যুৱতীক। যাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত যুৱক দুজনে দেখুওৱা প্ৰশংসনীয় নিদৰ্শনৰ বিষয়ে কেৱল চৰ্চায়ে নহয় সম্প্ৰতি ছচিয়েল মিডিয়াতো বহুলভাৱে প্ৰচাৰ লাভ কৰিছে।