NORTHEAST NOW (Assamese)
অসম

ল’কডাউন পালন কৰাৰ বাবেই স্বৰ্গগামী পিতৃৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত যোগী আদিত্যনাথৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2020 4:42 pm
CM yogi

কেন্দ্ৰ চৰকাৰে ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা ল’কডাউনৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে পালন কৰি ক’ৰ’নাক পৰাভূত কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে নিজৰ স্বৰ্গগামী পিতৃ আনন্দ সিং বিষ্টৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ নকৰে বুলি জানিবলৈ দিছে।

‘‘মোৰ তেওঁক লগ কৰাৰ মন আছিল কিন্তু ল’কডাউনৰ বাবে মই যাব নোৱাৰিম,’’ মুখ্য মন্ত্ৰী আদিত্যনাথে লগতে কয়।

আনহাতে, যোগী আদিত্যনাথে স্বৰ্গগামী পিতৃৰ অন্তিম যাত্ৰাত অধিক সংখ্যক লোকক সমবেত নহবলৈও অনুৰোধ কৰে।

উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ পিতৃ আনন্দ সিং বিষ্টৰ আজি দিল্লীৰ এইমছত পৰলোকপ্ৰাপ্তি ঘটে।

যোগীৰ পিতৃৰ বিয়োগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীৰ লগতে কংগ্ৰেছ নেতা কমল নাথে শোক ব্যক্ত কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।