NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ এটা বনৰীয়া মখনা হাতীক চিকিৎসা প্ৰদান পশু চিকিৎসকৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 20, 2020 5:39 pm
Bokakhat Story

আহত হাতীটোক দুদিনৰ আগতে বনাঞ্চলত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰিছিল। এখন ভৰিত পোৱা আঘাতেৰে বনৰীয়া হাতীটোৱে কাষৰীয় অঞ্চলত বিচৰণ কৰি ফুৰিছিল।

আজি ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসকৰ ডা৹ চামচুলি আলিৰ সহায়ত আহত হাতীটোৰ চিকিৎসা প্ৰদান কৰে।

কহঁৰা বনাঞ্চলৰ লাওঁডুবি বন শিবিৰৰ সমীপত বনাঞ্চলিক বিষয়া চেলিম আহমেদৰ তত্বাৱধানত প্ৰাপ্ত বয়স্ক হাতীটোক চেতনা নাশক প্ৰয়োগ  কৰি চিকিৎসা প্ৰদান কৰে ডা৹ চামচুল আলিয়ে ৷

পশু চিকিৎসকৰ মতে অন্য হাতীয়ে কৰা আঘাত বা আন কোনো খুন্দাত হাতীটোৱে আগফালৰ ভৰিত আঘাত পাইছিল আৰু যাৰ বাবে হাতীটোৰ ভৰিৰ হাঁড় ভাঙি যোৱাৰ সম্ভাৱনাও আছে ৷

আনহাতে, হাতীটোৰ শৰীৰত অন্য কোনো আঘাতৰ চিন নাই বুলি জনায় ডা৹ চামচুল আলিয়ে।

সচৰাচ বনাঞ্চৰ ভিতৰত পাৰস্পৰিক যুঁজৰ বাবে এনে হোৱা দেখিবলৈ পোৱা যায় বুলি চিকিৎসক গৰাকীয়ে উল্লেখ কৰে ৷

চিকিৎসা প্ৰদান কৰাৰ পাচত  হাতীটো এতিয়া লাওঁডুবি বিলৰ পাৰতে আছে ৷ কিছুদিনৰ বাবে হাতীটোক নিৰীক্ষণত ৰখিবৰ বাবে পৰামৰ্শ দিংছে পশু চিকিৎসকে ৷