NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰীত কৰ্তব্যৰত দুগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা; ৰোগীক কৰিলে ৰক্তদান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 20, 2020 7:20 pm
index.jpg99

ল’কডাউনৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত ৰোগীৰ বাবে এটোপাল তেজৰ হাহাকাৰ হৈ থকাৰ সময়তে এজন ৰোগীক তেজৰ যোগান ধৰিলে মহানগৰত কৰ্মৰত দুগৰাকী আৰক্ষী বিষয়াই।

ল’কডাউনৰ দিনকেইটাত জনতাক ৰক্ষাৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি কৰ্মৰত এইসকল আৰক্ষী বিষয়া। কিন্তু তাৰ মাজতো তেওঁলোকে হেৰুওৱা নাই মনৰ উদ্যম আৰু মানুহক বিপদত সহায় কৰাৰ মানসিকতা।

প্ৰণৱ বৈশ্য

ৰক্তদান মহান দান, এইকথা সাৰোগত কৰি আগুৱাই আহিল পল্টনবজাৰ থানাত কৰ্মৰত আৰক্ষী বিষয়া পংকজ প্ৰতিম মহন্ত আৰু প্ৰণৱ বৈশ্য।

মহানগৰীৰ এক্সেল কেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ থকা বিশ্বজিৎ টাইড নামৰ ৰোগীগৰাকীক ৰক্ত দান কৰে দুয়োগৰাকী আৰক্ষী বিষয়াই।

পংকজ প্ৰতিম মহন্ত

ল’কডাউনৰ ফলত তেজৰ অভাৱত পৰিছিল ৰোগীজন। তাৰ মাজতে সহায়ৰ বাবে দুগৰাকীকৈ আৰক্ষী বিষয়া আগুৱাই অহাত চিকিৎসালয়খনৰ চিকিৎসকেও তেওঁলোকক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।