NORTHEAST NOW (Assamese)
অসম

শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰীৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ খাদ্য সামগ্ৰী বিতৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 11:51 am
8b0b5e2e-8f77-4629-ac15-0d88ee5628d1

সমগ্ৰ বিশ্বই ক’ৰ’নাৰ হাতোৰাত আৱদ্ধ হোৱা এই দুঃসময়ত নলবাৰী জিলাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৬২টা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰীৰ ‘প্ৰাক্তন ছাত্ৰ ভাৰতী’য়ে।

১৯৮৫ চনত স্থাপিত এইখন অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা বিদ্যা লাভ কৰি গৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ উমৈহতীয়া এই মঞ্চখনৰ জৰিয়তে জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ ভানুকুছি গাঁৱৰ ২৭টা, টিহু ৰাজহ চক্ৰৰ বকুৱাজাৰী গাঁৱৰ ৮টা, বানেকুছি ৰাজহ চক্ৰৰ ১৩টা আৰু নলবাৰী ৰাজহ চক্ৰৰ ১৪টা পৰিয়াললৈ এই পৰ্যন্ত সহায়ৰ হাত আগবঢ়াইছে।

প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তি অনুসৰি সহায় কৰা পৰিয়ালসমূহৰ ভিতৰত ২৪ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আৰু ৯ গৰাকী কৰ্কট ৰোগাক্ৰান্ত ৰোগীও আছে।

প্ৰতিটো পৰিয়ালক মচুৰ দাইল, আটা, মিঠাতেল, চিৰা, চয়াবিন, আলু, পিঁয়াজ, চাহপাত, চেনী, বিস্কুট, চাবোন আদি যোগান ধৰাৰ লগতে প্ৰতিটো টোপোলাতে ‘ঘৰত থাকক, নিৰোগী হৈ থাকক’ শিৰোনামেৰে একোখনকৈ সজাগতা পত্ৰও প্ৰদান কৰা হয় বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰে।

দেশ-বিদেশত থকা নিকেতনৰ বিভিন্ন প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে এই প্ৰচেষ্টালৈ সঁহাৰি যোগোৱা প্ৰতিগৰাকী সদাশয় ব্যক্তিকে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সম্পাদকদ্বয়ে বিজ্ঞপ্তিৰ সহায়েৰে ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য, কিছুদিন পূৰ্বে নিকেতনখনৰ তৰফৰ পৰা বিধায়ক অশোক শৰ্মাৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ ৫০,০০০ টকা আগবঢ়াইছিল।