NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত জাপানী এনকেফেলাইটিছ, মেলেৰিয়া প্ৰতিৰোধমূলক টাস্ক ফ’ৰ্চৰ বৈঠক

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 21, 2020 5:30 pm
Task force meets over prevention of Japanese encephalitis, malaria in Sivasagar

শিৱসাগৰত ক’ভিড-১৯ৰ সমান্তৰালকৈ জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ বাবেও জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে।

বাৰিষাৰ সময়ছোৱাত এই ৰোগসমূহৰ প্ৰাদুৰ্ভাৱৰ আশংকাৰ প্ৰতি দৃষ্টি ৰাখি এই সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া যাৱতীয় প্ৰতিকাৰমূলক ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰাৰ বাবে আজি উপায়ুক্ত কাৰ্য়ালয়ৰ চ্যুকাফা সভাকক্ষত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগকে আদি কৰি অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াৰে সৈতে গঠিত টাস্ক ফ’ৰ্চৰ এখন সভা অনুষ্ঠিত হয়।

অতিৰিক্ত উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা প্ৰশাসনিক বিষয়া বিদিত দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগৰ সম্ভাৱ্য সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী যেনে– টীকাকৰণ, ফগিং কৰা, ঔষধযুক্ত আঁঠুৱা আৰু প্ৰয়োজনীয় দৰৱ মজুত ৰখা, জ্বৰ-পানীলগা আদি লক্ষণ প্ৰত্যক্ষ কৰা লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা ইত্যাদি বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়।

সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই জাপানী এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগৰ সম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে অৱগত কৰে।

সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাসে সাম্প্ৰতিক বিশ্বজোৰা ক’ভিড-১৯ ৰোগৰ সংক্ৰমণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য কৰ্মীসকলৰ মনোবল বঢ়োৱাৰ বাবে উদ্যোগ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগকে আহ্বান জনায়।