NORTHEAST NOW (Assamese)
Popular Stories

ৰিলায়েন্স জিঅ’ৰ ৯.৯ শতাংশ শ্বেয়াৰ কিনা বুলি ঘোষণা ফেইচবুকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2020 7:53 am

বাণিজ্যিক ক্ষেত্ৰখনৰ পৰা আহিছে এটা ডাঙৰ খবৰ। বিশ্বৰ জনপ্ৰিয় তথা ভাৰতত বহুলভাৱে ব্যৱহৃত ফেইচবুকে ৰিলায়েন্স জিঅ’ৰ ৯.৯ শতাংশ শ্বেয়াৰ কিনা বুলি ঘোষণা কৰিছে।

ফেইচবুকে জিঅ’ৰ ৫.৭ বিলিয়ন ডলাৰ অৰ্থাৎ ৪৩৫৭৪ কোটি টকাৰ শ্বেয়াৰ কিনিছে। ফেইচবুকে এই শ্বেয়াৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰি লিমিটেডৰ পৰা কিনা বুলি জানিবলৈ দিয়ে।

এই সন্দৰ্ভত ৰিলায়েন্সে কয় যে কোম্পানিৰ এটা সৰু অংশত কোনো টেকনেকিল কোম্পানিৰ এয়া সৰ্ববৃহৎ বিনিয়োগ। কেৱল সেয়াই নহয় ভাৰতত টেকনিকেল ক্ষেত্ৰখনত এফ ডি আইৰ জৰিয়তে বিনিয়োগ কৰা এইটোৱে সৰ্ববৃহৎ ঘটনা।

ইফালে এই সন্দৰ্ভত ফেইচবুকে কয় যে ভাৰতৰ ওপৰত আমাৰ বিশ্বাস থকাটো এই বিনিয়োগে প্ৰমাণ কৰি দিয়ে।

ফেইচবুকে লগতে কয় যে মাত্ৰ চাৰি বছৰতে ৩৮৮ মিলিয়ন লোকলৈ সম্প্ৰসাৰিত হোৱা জিঅ’ই ব্যৱসায় আৰু সংযোগৰ নতুন পথ দেখুৱাই দিছে। আমি জিঅ’ৰ সৈতে মিলি আৰু অধিক লোকৰ ওচৰলৈ এই সেৱা লৈ যোৱাটোৱে আমাৰ প্ৰধান লক্ষ্য।