NORTHEAST NOW (Assamese)
অসম

টীয়কত ল’কডাউনৰ মাজতে আবকাৰী বিভাগৰ অভিযান; চুলাই মদৰ ঘাটি উচ্ছেদ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 22, 2020 10:07 pm
Excise department operation

সমগ্ৰ ৰাজ্যত ল’কডাউন চলি থকাৰ সময়তে যোৰহাট জিলাৰ আবকাৰী অধীক্ষক বনানী হোজাইৰ নেতৃত্বত আজি মৰিয়নি আৰু টীয়ক আবকাৰী দলৰ সহযোগত টীয়ক আৰক্ষীয়ে ৰাজহুৱা অভিযোগৰ ভিত্তিত এক অভিযান চলায়।

অভিযানকাৰী দলটোৱে বলমা চাহ বাগিছা, টীয়ক, পীড়াকটা আদি অঞ্চলৰ পাঁচগৰাকী অভিযোগ উত্থাপিত ব্যক্তিৰ ঘৰ তথা চৌহদত চুলাই মদ তৈয়াৰ কৰোতে ব্যৱহৃত  ৪৪০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, যন্ত্ৰ ৪ টা আৰু প্ৰায় ৩৫ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰে।

আনহাতে, দলটোৱে অভিযুক্ত এগৰাকী ব্যক্তিক অসম আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি টীয়ক চক্ৰ পৰিদৰ্শকক চমজাই দিয়ে।

আজিৰ এই সফল অভিযানত উপ অধীক্ষক যুগল দত্ত, যোৰহাট সদৰৰ আবকাৰী পৰিদৰ্শক নবাব ইমতিয়াজ আলি আৰু তহলদাৰী দলেও সহযোগিতা আগবঢ়ায়।

ল’কডাউন চলি থকা সময়তো অভিযোগ উত্থাপিত ব্যক্তি কেইগৰাকীৰ ঘৰলৈ বহুলোকে চুলাই মদ নিয়াৰ বাবে আহি আছিল বুলি স্থানীয় ৰাইজে উল্লেখ কৰে।