NORTHEAST NOW (Assamese)
অসম

ধোনী সম্পৰ্কত হৰভজন সিঙৰ আগত কি ক’লে ৰোহিত শৰ্মাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 8:23 am
cwc-2019-ind-vs-sl-rohit-sharma-century-770x435

ভাৰতীয় দলৰ তাৰকা অফ স্পীনাৰ হৰভজন সিঙৰ সৈতে হোৱা এটা লাইভ ভিডিঅ’ কনফাৰেঞ্চত মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভত মতামত প্ৰকাশ কৰে ৰোহিত শৰ্মাই।

হৰভজন সিঙে ৰোহিত শৰ্মাক ধোনীৰ খবৰ কি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰোহিত শৰ্মাই ক্ৰিকেটৰ পথাৰৰ পৰা আঁতৰত থাকিলে ধোনীয়ে কাৰো ওচৰত ধৰা নিদি সম্পূৰ্ণ আণ্ডাৰগ্ৰাউণ্ড হৈ যায় বুলি কয়।

ভাৰতীয় দলৰ বৰ্তমানৰ সহ অধিনায়ক ৰোহিত শৰ্মাই কে এল ৰাহুলৰ বেটিঙৰো প্ৰশংসা কৰে।

‘‘কে এল ৰাহুলৰ বেটিং চাই ভাল লাগে। ৰাহুলে যিধৰণে সাৱলীলভাৱে ক্ৰিকেটীয় শ্বট সমূহ খেলে সেয়া উপভোগ কৰি ভাল অনুভূত হয়,’’ ৰোহিত শৰ্মাই লগতে কয়।

আনহাতে, হৰভজন সিঙে বৰ্তমানৰ ভাৰতীয় দলটো বেছি ক্ষেত্ৰত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত নিৰ্ভলশীল বুলি উল্লেখ কৰি দলৰ অন্য খেলুৱৈ সকলৰ আত্মবিশ্বাস ওভটাই অনা প্ৰয়োজনীয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ৰোহিত শৰ্মাই হৰভজন সিঙৰ সন্মুখত সুভমন গীল ভাৰতীয় দলৰ ভবিষ্যৎ বুলি কোৱাৰ লগতে সুভমন গীলে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা সমূহত কৰা ৰানৰ পৰিসংখ্যাই গীলৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে বুলি মন্তব্য কৰে।