NORTHEAST NOW (Assamese)
অসম

কেন্দ্রীয় কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তন একেবাৰে অনাৱশ্যকীয় সিদ্ধান্ত: ড০ মনমোহন সিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 12:05 pm
Former PM Manmohan Singh admitted to AIIMS, Delhi

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ কৰ্তনকলৈ ৰাহুল গান্ধীৰ পাছত এইবাৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙেও মোদী চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ সিঙে কয় যে বৰ্তমান পৰিস্থিতিত চৰকাৰী কৰ্মচাৰীক আৰ্থিকভাৱে সমস্যাত পেলোৱাটো অপ্ৰয়োজনীয়।

ইয়াৰ পূৰ্বে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক অমানৱীয় তথা অসংবেদনশীল বুলি অভিহিত কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে ৫০লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনধাৰীক দিবলগীয়া মৰগীয়া বানচ কৰ্তনৰ সিদ্ধান্ত লৈছিল।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চৰকাৰৰ ওপৰত পৰা আৰ্থিক চাপ লাঘৱ কৰিবলৈকে চৰকাৰে এই সিদ্ধান্ত লৈছিল। ২০২১চনৰ জুন মাহলৈকে এই সিদ্ধান্ত বাহাল থাকিব।

কৰ্মচাৰীসকলে ১৭ শতাংশৰ পৰিৱৰ্তে ২১ শতাংশ মৰগীয়া বানচ পোৱাৰ আশা আছিল। কিন্তু চৰকাৰৰ সিদ্ধান্তৰ ফলত এতিয়া কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলে ১৭শতাংশ হিচাপতে মৰগীয়া বানচ লাভ কৰিব।

কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। ড০ মনমোহন সিঙে কয় যে তেওঁ ভাৱে এই পৰ্যায়ত চৰকাৰী কৰ্মচাৰী আৰু সেনা বাহিনীৰ ওপৰত আৰ্থিক চাপ দিয়াৰ কোনো আৱশ্যক নাই।