NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯ মুক্ত লোকৰ পুনৰ সংক্ৰমণ হ’ব নোৱাৰে বুলি প্ৰমাণ নাই: WHO

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 6:10 pm
No evidence that people who have recovered from COVID-19 protected from a second infection: WHO

এবাৰ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠা ব্যক্তি এজনৰ ক্ষেত্ৰত পুনৰ কৰ’নাভাইৰাছ সংক্ৰমণ হ’ব নোৱাৰে বুলি নিশ্চয়তা নাই।

বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে এই কথা প্ৰকাশ কৰিছে।

“ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠা ব্যক্তিসকলৰ আৰু যিসকলৰ এণ্টিবডি আছে তেওঁলোক দ্বিতীয়বাৰ সংক্ৰমণৰ পৰা সুৰক্ষিত বুলি বৰ্তমান কোনো প্ৰমাণ নাই,” প্ৰকাশিত বাতৰিত বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্ধৃতি।

কিছুমান চৰকাৰে ক’ভিড-১৯ৰ পৰা মুক্ত হোৱা লোকক কৰ্তব্যলৈ ঘূৰাৰ ক্ষেত্ৰত “ইমিউনিটি পাছপ’ৰ্ট” বা “ৰিস্ক-ফ্ৰী চাৰ্টিফিকেট” আদি জাৰি কৰাৰ পৰামৰ্শ দিয়াৰ পিছতে স্বাস্থ্য সংস্থাটোৱে এই বিবৃতি জাৰি কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীৰ বহু দেশেই বৰ্তমান এণ্টিবডিৰ পৰীক্ষা কৰি আছে যদিও,  এই অধ্যয়নবোৰ ৰোগটোৰ পৰা সুস্থ লোকসকলে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰ্জিছেনে নাই সেয়া নিৰ্ধাৰণ কৰা বিষয়ক নহয়।