NORTHEAST NOW (Assamese)
অসম

সুস্থ হৈ উঠা কৰ’না ৰোগীৰ চকুত থাকি যাব পাৰে বীজাণু; গৱেষণাত নতুন তথ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2020 10:32 am
Macro of conjunctivitis red eye.

কৰ’নাৰ বীজাণু চকুতো থাকি যাৱ পাৰে আৰু চকুৰ পৰাও ঘটিব পাৰে সংক্ৰমণ। সুস্থ হৈ উঠা কৰ’না আক্ৰান্ত ৰোগীৰ চকুৰ ভিতৰত কৰ’নাৰ বীজাণু লুকাই থাকিব পাৰে।

এনে দাবী কৰিছে একাংশ চিকিৎসকে। শেহতীয়াকৈ ইটালীৰ পৰা প্ৰকাশিত এখন অনলাইন মেডিকেল জাৰ্ণেলত সদৰী কৰা হৈছে এই তথ্য।

চকুত থাকি যোৱা বীজাণুৰ পৰা কংজাইটিভাইটিছ দেখা দিব পাৰে।

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, ইটালীৰ প্ৰথমগৰাকী কৰ’না আক্ৰান্ত ৰোগীৰ চকুত মাৰাত্মক ভাইৰাছে বাহ বান্ধিছিল।

চীনৰ উহান চহৰৰ পৰা উভতি আহিছিল ৬৫বছৰীয়া মহিলাগৰাকী। উহানৰ পৰা উভতি অহাৰ পাঁচদিনৰ পাছত তেওঁৰ দেহত বিভিন্ন লক্ষণ ধৰা দিছিল।

হাস্পাতলত ভৰ্তি কৰোৱাৰ পাছত প্ৰথম অৱস্থাত তেওঁ শুকান কাহ, ডিঙিৰ বিষ তথা নাকত অসহ্য পোৰণি অনুভৱ কৰিছিল। তদুপৰি, তেওঁৰ চকুত কংজাইটিভাইটিছৰ লক্ষণো দেখা গৈছিল।

হাস্পাতলত তেওঁৰ স্বাৱ পৰীক্ষা কৰাৰ পাছতে কৰ’নাত আক্ৰান্ত হোৱাটো ধৰা পৰে। হাস্পাতলত থকা সময়ছোৱাত মহিলাগৰাকীৰ চকুৰ পৰা একেৰাহে পানী ওলাইছিল।

ইটালীৰ নেশ্যনেল ইনষ্টিটিউট ফৰ ইনফেকশ্য’ৱাছ ডিজিজ’ৰ গৱেষকে জানিবলৈ দিয়া মতে কৰ’না আক্ৰান্ত কোনো ৰোগী সুস্থ হৈ উঠাৰ ২১ দিনৰ পাছতো তেওঁৰ চকুত ইয়াৰ বীজাণু থাকিব  পাৰে। তদুপৰি, চকুৰ পৰাই সংক্ৰমণ ঘটাবও পাৰে।

ইটালীৰ এই আক্ৰান্ত মহিলাগৰাকী সুস্থ হৈ উঠাৰ ২৭দিন পাছতো চকুত কৰ’নাৰ উপস্থিতি ধৰা পৰিছিল।

চকুৰ পানীৰেও মাৰাত্মক এই ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে আৰু সেয়েহে চিকিৎসকসকলে বাৰে বাৰে চকু-নাক-মুখ স্পৰ্শ কৰিবলৈ মানা কৰি আহিছে।