ছিক্সাৰ কিং যুৱৰাজ সিঙৰ আগত নিজৰ বিয়াৰ কথা কি ক’লে জাচপ্ৰীত বুমৰাহে?

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ আগত এটা লাইভ ভিডিঅ’ কলত নিজৰ বিয়া সম্বন্ধে মত ব্যক্ত কৰিছে ভাৰতীয় দলৰ য়ৰ্কাৰ কিং জাচপ্ৰীত বুমৰাহে।
বুমৰাহে এতিয়াই তেওঁ বিয়াৰ কথা ভবা নাই বুলি যুৱৰাজ সিঙৰ আগত উল্লেখ কৰি এই সম্পৰ্কত তেওঁৰ পৰামৰ্শ বিচাৰে।
যুৱৰাজ সিঙে বুমৰাহৰ পৰামৰ্শৰ উত্তৰ দি ৰসিকতাৰে তেওঁক বিয়া নকৰোৱাই ভাল বুলি কয়।
‘‘চা বিয়া নকৰোৱাটোৱে ভাল, তই নিজৰ ধৰণে থাকিব পাৰিছ, এবাৰ বিয়া পতাৰ পাছত এই স্বাধীনতা নাপাবি। অৱশ্যে মনে বিচৰা ধৰণৰ সংগী পালে কথাটো বেলেগ হয়,’’ যুৱৰাজ সিঙে বুমৰাহক ৰসিকতাৰে কয়।
আনহাতে, বুমৰাহেও যুৱৰাজ সিঙৰ উত্তৰ শুনি তেওঁ একে কথাই ভাবিছে বুলি জানিবলৈ দিয়ে।
‘‘মোৰ সমনীয়া সকলৰ সকলোৰে এতিয়া বিয়াৰ বয়স হৈছো। মই তেওঁলোকক কৈছো তোমালোকে প্ৰথম বিয়া কৰোৱা যদি সকলো থিকে থকা দেখো ময়ো ভাবিম,’’ বুমৰাহে কয়।
ভিডিঅ’ কলৰ সময়ত বুমৰাহে যুৱৰাজ সিঙৰ প্ৰশ্নৰ উত্তৰত বিৰাট কোহলীতকৈ শচীন টেণ্ডুলকাৰ তেওঁৰ প্ৰিয় বেটছমেন আৰু ৰবি আশ্বিনতকৈ হৰভজন সিঙক শ্ৰেষ্ঠ অফ স্পীনাৰ বুলি কয়।
লাইভ ভিডিঅ’টোত বুমৰাহে তেওঁ কমকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে যাৰ ফলত তেওঁ বাহিৰত হৈ থকা বহু আলোচনা-সমালোচনা সম্বন্ধেও জ্ঞাত নহয় বুলি কয়।