NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ মাজতে কেদাৰনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদীৰ হৈ আজি সম্পন্ন কৰা হয় পূজা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 3:18 pm
486399-kedarnath-1493797658-1582276342

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’নাই নৰ সংহাৰীৰূপ ধাৰণ কৰিছে। ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত বৰ্তমানেও অব্যাহত আছে ল’কডাউন।

তেনে সময়তে আজি পূজা সম্পন্ন কৰা হয় দেশৰ বিখ্যাত হিমালয়ৰ পাদদেশস্থিত কেদাৰনাথ মন্দিৰত।

ক’ৰ’নাতংকৰ বাবে ল’কডাউন অব্যাহত থকাৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হৈ আজি কেদাৰনাথ মন্দিৰত পূজা সম্পন্ন কৰে মন্দিৰৰ কমিটিৰ সদস্য আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত মন্দিৰৰ পুৰোহিতে।

পূজাৰ সম্পন্ন কৰাৰ বাবে পুৱা ৬.১০ বজাতে মন্দিৰৰ একাদশ জ্যোতিলংগৰ দ্বাৰ খুলি ১০ কুইণ্টল ফুলেৰে মন্দিৰৰ অন্তৰ্ভাগ সজাই তোলা হৈছিল বুলি মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে হিমালয়ৰ পাদদেশৰ গাৰ্হৱাল অৱস্থিত বিখ্যাত কেদাৰনাথ মন্দিৰটোৰ চাৰিখন সিংহদ্বাৰ আছে- কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনাত্ৰী। বছৰৰ ছমাহ বন্ধ থকাৰ পিছত প্ৰতি বছৰে এপ্ৰিল আৰু মে’ মাহত খোলা হয় কেদাৰনাথ মন্দিৰ সিংহদ্বাৰ।

গংগোত্ৰী আৰু যমুনাত্ৰী দ্বাৰ যোৱা ২৬ এপ্ৰিলত অক্ষয় তিথিৰ বাবে খোলা হৈছিল যদিও বদ্ৰীনাথ দ্বাৰ অহা ১৫ মে’ত খোলা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ কৰ্তপক্ষই।

১৪ দিনীয়া কোৱাৰাণ্টেইনৰ বাবে কেদাৰনাথ মন্দিৰৰ মুখ্য পুৰোহিত ভীমাশংকৰৰ অনুপস্থিতি পুৰোহিত শিৱশংকৰে আজি পূজা সমাপন কৰে।

ল’কডাউনৰ বাবে কেৱল মন্দিৰৰ পূজাৰীবৃন্দ, মন্দিৰৰ কমিটি সদস্যসকল আৰু প্ৰশাসনীয় বিষয়াসকলেহে আজি পূজাত উপস্থিত থাকে।

উল্লেখ্যে যে কোনো ভক্তকে কেদাৰনাথ মন্দিৰত ভ্ৰমণ তথা প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই।