NORTHEAST NOW (Assamese)
অসম

চিবিএফচিৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব ল’লে জ্যেষ্ঠ আইআইএছ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে

Posted by: এন ই নাও নিউজ February 20, 2018 3:27 pm
c-1-570x320

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে চেন্ট্ৰেল ব’ৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন (চিবিএফচি)ৰগুৱাহাটী আঞ্চলিক কাৰ্যালয়ত যোগদান কৰিছে।

আঞ্চলিক কাৰ্যালয়টোৰ দায়িত্ববাহী হিচাপে বৰঠাকুৰে ব’ৰ্ডৰ কাম কাজসমূহ চোৱা চিতা কৰিব।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গুৱাহাটীকে ধৰি চিবিএফচিৰ গোটেই ৯ টা আঞ্চলিক কাৰ্যালয়ত নিয়মীয়া ৰূপত এগৰাকীকৈ ভাৰতীয় তথ্য সেৱাৰ বিষয়া নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বৰঠাকুৰে এই পদ লাভ কৰা প্ৰথমগৰাকী নিয়মীয়া বিষয়া।

কাহিনী চলচ্চিত্ৰ, তথ্যচিত্ৰ, চুটি ছবি, বিজ্ঞাপন ছবি, ভিডিঅ’ ছবিকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণ হোৱা সকলো দৃশ্য-শ্ৰৱ্য ছিবসমূহক ৰাজহুৱা প্ৰদৰ্শনৰ বাবে এই কাৰ্যালয়ৰ পৰা প্ৰমাণ পত্ৰ দিয়া হয়।

পূৰ্বতে এই আঞ্চলিক কাৰ্যালয়ত কোনো নিয়মীয়া বিষয়া নোহোৱা বাবে অঞ্চলটোৰ প্ৰযোজকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

তদুপৰি, আঞ্চলিক ভাষাৰ চলচ্চিত্ৰসমূহক প্ৰমান পত্ৰ দিওতে সংশ্লিষ্ট ভাষাৰ জ্ঞান থকা বিষয়া নোহোৱাৰ বাবে পূৰ্বতে বহুতো সমস্যাৰ সৃষ্টি হৈছিল। এতিয়া বৰঠাকুৰ অহাৰ পিছত সেই বিষয়বোৰ সমাধান হ’ব বুলি আশা কৰা হৈছে।