NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ডাইনী হত্যাৰ অভিযোগত মহিলাসহ ৭জন লোকক গ্ৰেপ্তাৰ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া April 30, 2020 9:06 pm
arrest-750x375-1140x570

ডাইনী সন্দেহত এজন লোকক হত্যা কৰাৰ অভিযোগত বৰপথাৰ আৰক্ষীয়ে আজি চাৰি গৰাকী মহিলাসহ ৭জন লোকক গ্ৰেপ্তাৰ কৰে। নিহত লোকজনক লখিৰাম খেৰুৱাল (৬৮) বুলি চিনাক্ত কৰা হৈছে।

গোলাঘাট জিলাৰ ধনশিৰী মহকুমাৰ অন্তৰ্গত চকলি পথাৰ গাঁৱত উক্ত ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে ৰঞ্জিত খেৰুৱাল নামৰ এজন লোকে নিজৰ অসুখীয়া বোৱাৰীয়েকক ‘চিকিৎসা’ কৰিবলৈ জৰা-ফুকা কৰা লখিৰামক নিজৰ ঘৰলৈ লৈ যায়। য’ত তেওঁলোকৰ মাজত কিবা কথাক লৈ কাজিয়া লাগে আৰু লখিৰাম খেৰুৱালে প্ৰাণ হেৰুৱায়।

উক্ত কাজিয়াত লখিৰামৰ পত্নী ফুলেশ্বৰী খেৰুৱাল (৫৫)ও আহত হয় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে জানিবলৈ দিয়ে।

আৰক্ষী সূত্ৰই জনোৱা মতে নিহত লোকজনৰ পুত্ৰ সোণটো খেৰুৱালে ডাইনী সন্দেহত ৰঞ্জিতৰ নেতৃত্বত একাংশ লোকে তেওঁৰ মাক-দেউতাকক যোৱা সোমবাৰে মাৰপিট কৰাৰ অভিযোগ আনি এখন এজাহাৰ দাখিল কৰিছিল।

লখিৰাম খেৰুৱালৰ মঙলবাৰে মৃত্যু হয়।

আটাইকেইজন লোক বিৰুদ্ধে Assam Witch Hunting(Prohibition, Prevention and Protection) Act, 2015 আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়।