NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ প্ৰভাৱ! ভাৰততেই ১৩ কোটি লোকে হেৰুৱাব পাৰে সংস্থাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2020 7:37 am
jobs-840x420

কৰ’না ভাইৰাছে ইতিমধ্যে আতংকিত কৰি ৰাখিছে। কিন্তু গোটেই বিশ্বতে কৰ’না মহামাৰীয়ে কেবল জীৱনে কাঢ়ি নিয়াই নহয়, এতিয়া কোটি কোটি লোকক কৰ্মহীন কৰি তোলাৰো উপক্ৰম হৈছে।

কিছুদিন পূৰ্বে প্ৰকাশ পোৱা বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি, লকডাউনৰ ফলত ভাৰতত ৪কোটি প্ৰব্ৰজিত শ্ৰমিক ক্ষতিগ্ৰস্ত হ’ব। বৃহস্পতিবাৰে আন্তৰ্জাতিক শ্ৰমিক সংগঠনে সদৰী কৰা মতে গোটেই বিশ্বত ১৬০ কোটি লোকৰ কৰ্ম সংস্থাপনত সংকট আহিব পাৰে।

আনহাতে, ৰাষ্ট্ৰসংঘই এইবাৰ আশংকা প্ৰকাশ কৰিছে যে লকডাউনৰ ফলত কেবল ভাৰততে ১৩ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাব পাৰে। ইয়াৰ ভিতৰত খুচুৰা ব্যৱসায়ৰ সৈতে জড়িত ১কোটি ১০ লাখ লোকে হেৰুৱাব পাৰে সংস্থাপন।

উল্লেখযোগ্য যে এনে আশংকাৰ মাজতে মুম্বাইৰ মুলুন্দৰ এগৰাকী ব্যক্তি দৰমহা কৰ্তনৰ বাবে আত্মহত্যা কৰাৰ খৱৰ প্ৰকাশ পাইছে। এটা বহুজাতিক কোম্পানীৰ কৰ্মচাৰী আছিল এই মনীষ লোডায়া নামৰ ব্যক্তিজন।

লকডাউনৰ সময়ত সংস্থাটোৰ কৰ্মচাৰীসকলৰ দৰমহা হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্ত মানি ল’ব নোৱাৰি তেওঁ মুলুন্দৰ ৩০তলা অট্টালিকাৰ পৰা জাপ দি আত্মঘাতী হয়।

লকডাউনৰ ফলত বহু কল-কাৰখানা, কাৰ্যালয় তথা ব্যৱসায় বন্ধ হৈ পৰিছে। ক্ষুদ্ৰ, মজলীয়া উদ্যোগসমূহ অধিক প্ৰভাৱিত হৈছে। অসংগঠিত খণ্ডত ডাঙৰ মাধমাৰ পৰাৰ অনুমানো কৰা হৈছিল। এতিয়া ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা শংকাই এই চিন্তা গভীৰ কৰি তুলিছে।

আন্তৰ্জাতিক শ্ৰমিক সংগঠনে অনুমান প্ৰকাশ কৰিছে যে গোটেই বিশ্বতে ৩৩০কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাব পাৰে। ভাৰতৰ কমেও ৪০কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামি যাব পাৰে।