NORTHEAST NOW (Assamese)
অসম

ঋষি কাপুৰৰ অন্তিম ইচ্ছা পূৰণ কৰিব নোৱাৰিলে ৰণবীৰ কাপুৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2020 2:00 pm
Story-2-1140x570

বলীউদৰ অভিনেতা ৰণবীৰ কাপুৰে বৃহস্পতিবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰা তেওঁৰ পিতৃ চিৰসেউজ অভিনেতা সদ্যপ্ৰয়াত ঋষি কাপুৰৰ অন্তিম ইচ্ছা পূৰণ কৰিব নোৱাৰিলে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে তেওঁৰ মৃত্যুৰ পাছত প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ এটা পুৰণি সাক্ষাৎকাৰ পোহৰলৈ আহিছে।

যোৱা ২০১৮চনত ‘মিড ডে’ৰ এক সাক্ষাৎকাৰত ঋষি কাপুৰে সদৰী কৰিছিল যে তেওঁ পুত্ৰ ৰণবীৰ কাপুৰৰ বিয়া চাব বিচাৰে আৰু তেওঁৰ মৃত্যুৰ পূৰ্বে নাতিৰ সৈতে খেলিব বিচাৰে।

‘’সি বিয়া কৰোৱাৰ এইটো উপযুক্ত সময়। মই ২৭ বছৰীয়া থাকোতে প্ৰতিষ্ঠিত হৈছিলো আৰু ৰণবীৰ এতিয়া ৩৫ বছৰীয়া। সেয়ে, সি বিয়াৰ কথা চিন্তা কৰা উচিত। সি তাৰ পছন্দৰ যিকোনোকে বিয়া পাতিব পাৰে, আমাৰ ইয়াত কোনো আপত্তি নাই। মই যোৱাৰ আগতে মোৰ নাতিৰ সৈতে খেলিব বিচাৰো,’’-সাক্ষাৎকাৰটোত ঋষি কাপুৰে কৈছিল।

ইয়াৰ মাজতে বৃহস্পতিবাৰে মুম্বাইৰ চন্দনৱাদি শ্মশানত পুত্ৰ ৰণবীৰ কাপুৰে ঋষি কাপুৰৰ অন্তিম সৎকাৰ সম্পন্ন কৰে।

দেশজুৰি চলি থকা লকডাউনৰ মাজত অভিনেতাগৰাকীৰ অন্তিম সৎকাৰত তেওঁৰ একাংশ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু উপস্থিত থাকে।

প্ৰায় দুবছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ পাছত প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে মৃত্যুক সাৱটি লয়।

ঋষি কাপুৰৰ পৰিয়ালে কৈছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁক ‘চকুপাণীৰে নহয়, হাঁহিৰে সোঁৱৰণ’ কৰাটো ভাল পাব।