NORTHEAST NOW (Assamese)
Popular Stories

ঝাৰখণ্ডত দুসপ্তাহলৈ ল’কডাউন বৃদ্ধি; কেন্দ্ৰৰ শিথিলকৰণক কাৰ্যকৰী নকৰে ঝাৰখণ্ড চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2020 6:08 pm
Hemant_Soren_PTI_

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি তৃতীয় পৰ্যায়ৰ ল’কডাউন দুসপ্তাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

তেনে সময়তে ঝাৰখণ্ড চৰকাৰেও ৰাজ্যজুৰি দুসপ্তাহলৈ নিজাববীয়াকৈ বৃদ্ধি কৰিছে ল’কডাউন।

এই বৰ্ধিত ল’কডাউনত ঝাৰখণ্ড ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া শিথিলকৰণ কাৰ্যকৰী নকৰে।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে চৰকাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱলৈ লক্ষ্য কৰি ভৌগোলিকভাৱে ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’নত বিভক্ত কৰি জ’নভিত্তিক ল’কডাউনৰ শিথিলকৰণৰ কিছুমান ব্যৱস্থা কৰিছিল।

আজি অনুষ্ঠিত ঝাৰখণ্ড চৰকাৰৰ উচ্চস্তৰীয় বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হেমন্ত চুৰেণে ঘোষণা কৰে যে ৰাজ্যখনত ২ সপ্তাহলৈ ল’কডাউন বৃদ্ধি কৰা হৈছে আৰু ল’কডাউনকালীন অৱস্থাত কেন্দ্ৰই জাৰি কৰা শিথিলকৰণ ব্যৱস্থাসমূহ ৰাজ্যখনত কাৰ্যকৰী কৰা নহ’ব।

ইফালে হায়দৰাবাদত আৱদ্ধ ৰাজ্যখনৰ ২,৫০০ প্ৰব্ৰজিত শ্ৰমিক আৰু কোটাত আৱদ্ধ শিক্ষাৰ্থীসকলক দুখন বিশেষ ৰেইলেৰে উভতাই অনা হ’ব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্য শ্ৰম বিভাগে জনাইছে যে ঝাৰখণ্ডৰ বাহিৰত থকা প্ৰায় ৯,৫০,০০০ গৰাকী প্ৰব্ৰজিত শ্ৰমিক, শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকৰ সৈতে ৰাজ্য চৰকাৰে সম্পৰ্ক স্থাপন কৰিছে।

উল্লেখ্য যে ঝাৰখণ্ডৰ ২৪ খন জিলাৰ ১২ খনত ১১৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিজন আক্ৰান্তৰ মৃত্যু ঘটিছে। ২২ গৰাকী আক্ৰান্ত কোভিড১৯ৰ পৰা নিৰাময় লাভ কৰিছে।