NORTHEAST NOW (Assamese)
অসম

অসমত মৃত্যু হৈছে ২৫০০ গাহৰিৰ, সহায়ৰ বাবে টল ফ্ৰী নম্বৰ মুকলি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 3, 2020 7:26 pm
Assam animal husbandry minister Atul Bora presser on Classical swine fever in state

অসমত গাহৰিৰ অস্বাভাৱিক মৃত্যুক লৈ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই দেওবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত সংবাদমেল আয়োজন কৰে৷

আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত এই সংবাদমেলত মন্তব্য কৰি  মন্ত্ৰী গৰাকীয়ে কয় যোৱা দিন কেইটাত ২৫০০ গাহৰি মৃত্যু হৈছে৷

“মুকলিকৈ পালন কৰা গাহৰিহে মৃত্যু মুখত পৰিছে৷ সেয়েহে মুকলিকৈ পালন কৰা গাহৰি পালক সকলৰ বিৰুদ্ধে কঠোৰ হ’ব প্ৰশাসন৷ মুকলিকৈ পালন কৰিব নোৱাৰিব গাহৰি,” তেওঁ কয়৷

গুৰুত্বপূৰ্ণ যে এই ৰোগবিধৰ পৰা গাহৰি কেনেকৈ বচাব পাৰি তাক লৈ আজি আলোচনা কৰা হয় খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত৷

“যিকেইটা গাহৰি এই ৰোগত আক্রান্ত সেইকেইটাক বেলেগকৈ ৰখা ব। ১০ কি:মি: ব্যাসাৰ্ধত আমি তীক্ষ্ণ দৃষ্টি ৰাখিম যাতে সংক্ৰমণ হোৱা এলেকাৰ পৰা অহা লোকে দানাপানী নিদিয়ে বা কোনো কিনা বেচা নহয় ৩০৬খন গাঁৱৰ গাহৰিৰ চেম্পল পঠিওৱা হৈছিল,” জনায় মন্ত্ৰী অতুল বৰাই৷

তেওঁ কয় যে যি ঠাইত এনে গাহৰিৰ গাত এই ভাইৰাছ ধৰা পৰা নাই সেইবোৰ গাহৰি খাব পাৰিব৷

চুবুৰীয়া ৰাজ্যই যাতে ব্যৱস্থা লয় তাৰ বাবেও আহ্বান জনোৱাৰ লগতে আলোচনা শীঘ্ৰে কৰিব বুলিও স্পষ্টকৈ ক’লে মন্ত্ৰী অতুল বৰাই।

যিকোনো সহায়ৰ বাবে টোল ফ্ৰী নং ১৯৬২ত যোগাযোগ কৰিব পাৰিব৷

ক্লাচিকেল চোৱাইন ফিভাৰৰ ভেকচিন বৰ্তমান বন্ধ কৰা হৈছে বুলি জনাই মন্ত্ৰী গৰাকীয়ে কয়,সদ্যহতে সংক্ৰমিত গাহৰি মাৰি পেলোৱাৰ সিদ্ধান্তটো পৰিহাৰ কৰিছো।

আনহাতে শেহতীয়াভাৱে পঠোৱা কামৰূপৰ গড়চুকৰ গাহৰিৰ চেম্পল আফ্ৰিকান ছোৱাইন ফিভাৰৰ  ভাইৰাচ পজিটিভ ওলাইছে বুলি তেওঁ জনায়।