NORTHEAST NOW (Assamese)
অসম

পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ গৰু-ম’হৰ প্ৰতিষেধক প্ৰদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 4, 2020 7:17 am
IMG_20200503_063142

বৰষুণ আৰু লকডাউনৰ মাজতো বনকৰ্মীৰ সহযোগত পশু চিকিৎসকৰ দলে ব্ৰহ্মপুত্ৰৰ মাজৰ ভক্তে আৰু বামুন চাপৰিত গৰু ম’হৰ প্ৰতিষেধক প্ৰদানৰ কাম সম্পন্ন কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাতৰ মহকুমা পশু চিকিৎসা বিভাগৰ বিশেষ সহযোগত যোৱা ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁ আৰু চাপৰিত প্ৰতিষেধক প্ৰদানৰ অভিযানৰ অংশ হিচাবে ২ আৰু ৩ মে’ত ভক্তে আৰু বামুন চাপৰিত গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা হয় ৷

২ মে’ ৰ বিয়লি নিকৰিঘাটেৰে ধনশিৰি নদী পাৰ হৈ পশুচিকিৎসক আৰু বন কৰ্মীৰ দলে নিশাৰ ভাগত চাপৰিটোৰ গৰু ম’হৰ খুটিত গৈ প্ৰতিষেধক প্ৰদান কৰে ৷ একেদৰে ভক্তে চাপৰিৰ সমীপৰ বামুন চাপৰিতো দেওবাৰে পুৱতি নিশাৰ পৰা প্ৰতিষেধক প্ৰদান কৰে ৷

দলটোৱে সৰ্বমুঠ ২৪৭ টা গৰু ম’হক ট্ৰায় ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰে ৷ চাপৰিৰ এই ২৪৭ টা গৰু ম’হকে ধৰি বিগত সময়ছোৱাত চিকিৎসকৰ দলটোৱে মুঠ পাঁচ শতাধিক গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰিছে ৷

গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ তত্বাৱধানত যোৱা দলটোত বোকাখাতৰ মহকুমা চিকিৎসা বিভাগৰহৈ ডাঃজানমনি শ্যাম, ডাঃদেৱব্ৰত ফুকন আৰু ডাঃ দিপজ্যোতি হান্সেৰ উপৰিও ক্ষেত্ৰ সহায়ক গোপাল মিত্ৰই সেৱা দান কৰে ৷

দেওবাৰে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ভক্তে চাপৰিলৈ গৈ প্ৰতিষেধক প্ৰদান কৰা কাৰ্যৰ বুজ লোৱাৰ লগতে ভক্তে বন শিৱিৰতে পশু চিকৎসকৰ সৈতে স্বোৱাইন ফিভাৰ সংক্ৰমন প্ৰতিৰোধ সম্পৰ্কে আলোচনাও কৰে ৷

উল্লেখ্য যে পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ গাভৰু চাপৰি , লালুং আৰু বিলতীয়া আদি চাপৰিত প্ৰতিষেধ প্ৰদানৰ কাম অব্যাহত থাকিব বুলি বন বিভাগৰ সুত্ৰই প্ৰকাশ কৰিছে ৷

কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত গৰু ম’হৰ এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক,কৰবেট ফাইণ্ডেশ্যন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই উদ্যান কৰ্তৃপক্ষক সহায় কৰিছে ৷