NORTHEAST NOW (Assamese)
অসম

অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিকৰ লগতে অন্যান্য লোকসকলকৰ ৰেইলৰ ভাড়া বহন কৰিব অসম প্ৰদেশ কংগ্ৰেছে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 4, 2020 6:47 pm

ল’কডাউনৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত কৰ্ম সংস্থাপনহীন ভাৱে আবদ্ধ হৈ থকা অসমৰ শ্ৰমিক সকলক কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিশেষ ৰেলযোগে নিজ ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰিছে যদিও ৰেইলৰ টিকট বিনামূলীয়া কৰা নাই।

সেয়েহে, এই দুৰ্দশাগ্ৰস্ত শ্ৰমিকসকলৰ ৰেইলৰ টিকটৰ মূল্য কংগ্রেছ দলে বহন কৰাৰ কথা দলৰ সভানেত্রী ছোনিয়া গান্ধীয়ে ঘোষণা কৰিছে।

দেশৰ প্ৰতিখন প্ৰদেশ কংগ্ৰেছ কমিটিকো সহায়ৰ হাত আগবঢ়োৱাৰ নিৰ্দেশ দিছে।

প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সভানেত্রী গৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছে আৰু যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

নৰ্থ নিউজ নাওক তৰুণ গগৈয়ে কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ বাহিৰত আৱদ্ধ হৈ থকা সকলো লোকৰে ৰেইলৰ ভাড়া বহন কৰিব।

ইয়াৰ বাবে যি টকা পইচাৰ প্ৰয়োজন হ’ব সেই টকা সংগ্ৰহ কৰিবলৈ প্ৰদেশ কংগ্ৰেছ প্ৰস্তুত হোৱাৰ কথাও উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।