NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2020 9:47 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যখনৰ সামাজিক উন্নয়ন, জনজাতি উন্নয়ন, যুৱ কল্যাণ, মহিলা সৱলীকৰণ, সমবায় খণ্ডৰ উন্নয়ন আৰু আন্তঃৰাজ্যিক সীমান্তত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ দিশত উল্লেখযোগ্য বৰঙণি যোগাই অহা কেইগৰাকীমান অগ্ৰণী ব্যক্তিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে।

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে দেশত আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত জনসাধাৰণক সজাগ আৰু সামাজিক দূৰত্ব বজাই ৰখাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ এই সকল ব্যক্তিক আহ্বান জনায়।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে এই সময়ছোৱাত জনসাধাৰণৰ মনোবল বৃদ্ধিৰ বাবে উদ্বুদ্ধ কৰাৰ বাবেও আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে আজি পোনযোগে বাৰ্তালাপ কৰা ব্যক্তি কেইগৰাকী হ’ল ডাঃ মালতি বৰা, শশীকান্ত চৌথাইবালে, শংকৰ দাস কলিতা, নিৰ্মলেন্দু দে, ভূপেন শৰ্মা, পুৰন্দৰ বৰুৱা, খগেন শইকীয়া, যোগেশ শাস্ত্ৰী, শ্ৰী শ্ৰী কৃষ্ণ ভীড়ে, সন্দিপ কবিশ্বৰ, ব্ৰহ্মাজী ৰাও।

ইয়াৰ উপৰি পৱন তিৱাৰী, ড০ নিৰ্মল বৰুৱা, কুলেন্দ্ৰ কুমাৰ ভাগৱতী, নিৰৱ ঘেলানী, গ:এশ কুণ্ডে, প্ৰদীপ কুমাৰ, পি সূৰ্য্যনাৰায়ণ, ৰমেন শৰ্মা, বিপুল ডেকা, মৃণাল লস্কৰ, সুৰেন্দ্ৰ নাথ কলিতা, ভৱেন সিং বসুমতাৰী আৰু যোগেশ্বৰ গোস্বামীৰ সৈতেও টেলিফোনযোগে বাৰ্তালাপ কৰে।

উল্লেখ্য যে মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ছোৱাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সময়ে সময়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিসকলৰ সৈতে এই টেলিফোনযোগে বাৰ্তালাপ কৰি থকা পৰিলক্ষিত হৈছে।