NORTHEAST NOW (Assamese)
Popular Stories

অসমত ধৰা পৰিছে আৰু এটা কোভিড১৯ পজিটিভ : ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৪৩ জনলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2020 5:34 pm
Healthcare workes to go for home visit in Golaghat from 7 May

অসমত আজি সন্ধিয়া আৰু এজন কোভিড১৯ পজিটিভ ৰোগীক চিনাক্ত কৰা হৈছে।

কোভিড১৯ত আক্ৰান্ত বুলি চিনাক্ত হোৱা লোকজন গোৱালপাৰা জিলাৰ।

এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

নিজৰ টুইটাৰ একাউন্টত টুইট কৰি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘গোৱালপাৰাত আৰু এজন লোকৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। যিহেতু লোকজন কন্টেনমেন্ট জ’নত পোৱা গৈছে, সেয়ে শংকিত হোৱাৰ প্ৰয়োজন নাই।’

উল্লেখ্য যে ইয়াৰ লগে লগে ৰাজ্যত কোভিড১৯ত আক্ৰান্তৰ সংখ্যা ৪৩ গৰাকীলৈ বৃদ্ধি পালে।

ইয়াৰে ৩২ গৰাকী আক্ৰান্ত কোভিড১৯ মুক্ত হোৱাৰ বিপৰীতে ১০ গৰাকী আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে ৰাজ্যত এজন আক্ৰান্তৰ মৃত্যু ঘটিছে।