NORTHEAST NOW (Assamese)
অসম

মহানগৰীত সংঘটিত হৈছে তৃতীয় পৰ্যায়ৰ ল’কডাউনত প্ৰথমটো পথ দুৰ্ঘটনা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 5, 2020 6:00 pm
index

তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ প্ৰথমটো দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।

কাহিলিপাৰা লখৰা সংযোগী পথৰ দক্ষিণ গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা।

তীব্ৰ বেগী মাল কঢ়িওৱা এএছ০১-জেচি০২৪৬ নম্বৰৰ বলেৰ’ পিকাপ ভানখনে পামচাৰ হোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ।

তীব্ৰ গতিত চলন্ত গাড়ীখনে খুঁটা খুন্দা মৰাৰ ফলত খুঁটাটো ভাঙি গাড়ীখনৰ ওপৰত পৰে।

কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালক আৰু হেণ্ডিমেনৰ।

বিয়লি ৪:৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় চালক হেণ্ডিমেন।

ভগদত্তপুৰ আৰক্ষীয়ে ইতিমধ্যে চালকসহ হেণ্ডিমেনক বাবে আৰক্ষী থানালৈ নিয়ে।

চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।