NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫৬,০০০ অতিক্ৰম; সুস্থ হৈছে ১৬,৫০০ ৰো অধিক লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2020 10:39 am

ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শুকুৰবাৰে ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ৫৬,০০০ সীমা অতিক্ৰম কৰে বুলি উল্লেখ কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দাঙি ধৰা তথ্য অনুসৰি ভাৰতত ৫৬,৩৪২ গৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,৮৮৬ গৰাকী।

তদুপৰি, দেশত মুঠ ১৬,৫৪০ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ স্বগৃহলৈ উভতিছে।

বৰ্তমান ভাৰতত ৩৭,৯১৬ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

অসমতো বৰ্তমানলৈ মুঠ ৫৩ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ভিতৰত ৩৪ গৰাকী সম্পূৰ্ণ ৰূপে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্ত হৈ ঘৰলৈ উভতিছে।

অসমত ৭ মে’ত ৮ গৰাকীকৈ ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।