NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ ভয়াবহ আশংকা! তিনি দিনলৈ কিয় বন্ধ কৰা হ’ল বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 8, 2020 12:00 pm

কৰ’নাৰ ভয়াবহতাৰ আশংকা কৰি আজিৰে পৰা তিনিদিনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে মহানগৰীৰ গোপীনাথ নগৰস্থিত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান।

সংবাদমাধ্যমৰ আগত এই কথা জনাইছে প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ অমল কটকীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা কোভিড-১৯ আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা দীপিকা বাছফৰ নামৰ ১৬ বছৰীয়া কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ আহিছিল বি বৰুৱা প্ৰতিষ্ঠানৰ কেইবাজনো চিকিৎসক আৰু নাৰ্ছ।

গতিকে সকলো চিকিৎসক নাৰ্ছৰ স্বাৱ চেম্পল সংগ্ৰহ কৰি প্ৰয়োজন সাপেক্ষে কোৱাৰেন্টাইন কৰা হ’ব চিকিৎসক নাৰ্ছক।

সেয়েহে তিনিদিনৰ বাবে চিকিৎসালয়খন বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা বুলি ডঃ কটকীয়ে কয়।

তদুপৰি, লখৰাৰ মৃত কিশোৰী গৰাকী লকডাউন শিথিল কৰাৰ পাছতে আইতাক মালতী বাছফৰৰ ঘৰত ফুৰিবৰ বাবে আহিছিল।

WhatsApp Image 2020-05-08 at 11.25.00 AM
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। ফাইল ফটো

আইতাকৰ ঘৰত প্ৰথমে জ্বৰ, কাহত ভোগাৰ পাছত কিশোৰী গৰাকীৰ সাধাৰণ জ্বৰ হোৱা বুলি ভাবি ই এছ আই হাস্পাতালত চিকিৎসা কৰে।

পাছত বমি হোৱাত কিশোৰীগৰাকীক বি বৰুৱা চিকিৎসালয়ত যোৱা ৪ মে’ৰ দিনা আইতাক মালতীয়ে চিকিৎসাৰ বাবে আনে।

উপস্থিত চিকিৎসকে দীপিকাক এটা চেলাইন দিয়ে বুলি ডঃ কাকতিয়ে জানিবলৈ দিয়ে।

কিশোৰীগৰাকীৰ আইতাক মালতী বাছফৰ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী  ঠিকাভিত্তিক চাফাই কৰ্মী।

বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ আবাসিক এলেকাত নাছিল যদিও প্ৰতিষ্ঠানৰ কাষতে বসবাস কৰিছিল আইতাক মালতী বাছফৰে।

WhatsApp Image 2020-05-08 at 11.52.52 AM
প্ৰতিষ্ঠানটোত দিয়া বন্ধৰ জাননীখন।

ইপিনে, কালি কিশোৰী গৰাকীৰ মৃত্যু হোৱাত লগে লগে সন্দেহ বশত: জি এম চি এইচৰ পৰা কোভিড চিকিৎসকৰ এটা দল গৈ ছোৱালীজনীৰ স্বাৱ চেম্পল সংগ্ৰহ কৰি আনি পৰীক্ষা কৰাত কোভিড-১৯ পজিটিভ ধৰা পৰা বুলি সংবাদ মাধ্যমৰ আগত জনায়।

বৰ্তমান মৃত কিশোৰীগৰাকীৰ আইতাক মালতীক প্ৰতিষ্ঠানৰ ভিতৰতে কোৱাৰেন্টাইন কৰা হৈছে।

আনহাতে, অহা তিনিদিনলৈ প্ৰতিষ্ঠানখন বন্ধ থাকিব বুলি জানিব পাৰি এতিয়া বিমোৰত পৰিছে ৰোগীসকল।

ইপিনে, আজি বি বৰুৱা প্ৰতিষ্ঠানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু জি এম চি এইচৰ এক আৰু পাচঁ নম্বৰ ছাত্ৰাবাসো কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

সেইদৰে চানমাৰীৰ অমিয়নগৰক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়।