NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় বায়ুসেনাৰ মিগ-২৯ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ ৰক্ষা পৰিল পাইলটৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2020 1:38 pm
554702-mig new

পঞ্জাৱৰ জলন্ধৰত প্ৰশিক্ষণৰ সময়ত ভাঙি পৰিল ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধ বিমান।

ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান মিগ-২৯ পঞ্জাৱৰ জলন্ধৰত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাত বিমানখন ভাঙি পৰিলেও পাইলটগৰাকী নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

বাতৰি অনুসৰি, দুৰ্ঘটনাৰ ঠিক আগেয়ে উদ্ধাৰকাৰী হেলিকপ্টাৰৰ সহযোগত তেওঁ ওলাই আহিবলৈ সক্ষম হয়।

ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা দিয়া এক বিবৃতিত এই দুৰ্ঘটনাৰ বিষয়ে সদৰী কৰা হৈছে।

কাৰিকৰী কাৰণতে মিগ-২৯ যুদ্ধ বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি কোৱা হৈছে।

বিবৃতি অনুসৰি, পাইলটগৰাকীয়ে বিমানখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰওৱাৰ ফলতে বিমানখন দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

এই মিগ বিমান ১৯৯৯চনত কাৰ্গিল যুদ্ধত ব্যৱহৃত হৈছিল।

ইয়াৰ পূৰ্বেও মিগ বিমান ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছিল।