NORTHEAST NOW (Assamese)
Popular Stories

অসমত পুনৰ ৩জন কোভিড-১৯ পজিটিভ চিনাক্ত; ৫৬লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 8, 2020 4:21 pm

অসমত আজিৰ দিনটোত নতুনকৈ তিনিজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

কাছাৰৰ তিনিজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ।

বৃহস্পতিবাৰে ৰাজস্থানৰ আজমেৰৰ পৰা অহা বাছত আক্ৰান্ত চাৰিজনৰ লগত আহিছিল এইকেইগৰাকী লোক। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।

অসমত বৰ্তমানলৈকে আক্ৰান্ত লোকৰ সংখ্যা ৫৬ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে এজন লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে ৩৪জনে হস্পিতালৰ পৰা মুক্তি পাইছে।

বৰ্তমান ২১গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

উল্লেখযোগ্য যে, ইতিমধ্যে বাছখনৰ মুঠ ৪২ গৰাকী যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ডেৰ শতাধিক লোকক কুৱাৰেণ্টাইন কৰিছে কাছাৰ জিলা প্ৰশাসনে।

লগতে কাছাৰ জিলা প্ৰশাসনে ১১ খনকৈ গাঁও কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। এই ৪২ গৰাকী যাত্ৰী ৰাজস্থানৰ আজমেৰ শ্বৰীফ দৰ্শনৰ বাবে গৈছিল ।

আজি কোভিড-১৯ ধৰা পৰা লোককেইজনৰ বৰ্তমানলৈকে নাম ঠিকনা প্ৰকাশ কৰা নাই স্বাস্থ্য বিভাগে।