NORTHEAST NOW (Assamese)
অসম

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত চাৰি গৰাকী মাওবাদী নিহত, এজন আৰক্ষী উপ-পৰিদৰ্শক শ্বহীদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2020 1:21 pm
martyred SK Sharma

ছত্তিশগড়ৰ ৰাজানন্দগাঁও জিলাত শুকুৰবাৰে নিশা নিৰাপত্তাৰক্ষী বাহিনী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত চাৰি গৰাকী মাওবাদী নিহত হয়।

এই সংঘৰ্ষৰ সময়ত ছত্তিশগড় আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকো শ্বহীদ হয়।

ৰাজানন্দগাঁও জিলাৰ মনপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পাৰধোনী গাঁৱত শুকুৰবাৰে নিশা ১০.৩০ মান বজাত নিৰাপত্তাৰক্ষী বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি লাগে।

‘‘আমি শুকুৰাবে পাৰধোনী গাঁৱত মাওবাদীৰ উপস্থিতিৰ বিষয়ে সম্ভেদ লাভ কৰি মাওবাদী সকলক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰো। আমি পাৰধোনী গাঁৱত উপস্থিত হোৱাৰ সময়তে আমাক উদ্দেশ্য কৰি মাওবাদী সকলে গুলিয়াবলৈ আৰম্ভ কৰে। উপ-পৰিদৰ্শক এছ কে শৰ্মাই মাওবাদীৰ গুলীত শ্বহীদ হয় আৰু চাৰিগৰাকী মাওবাদী সদস্যক আমি নিহত কৰিবলৈ সক্ষম হও,’’ মনপুৰ আৰক্ষী চকীৰ আৰক্ষী পৰিদৰ্শক জিতেন্দ্ৰ শুক্লাই কয়।

নিহত মাওবাদী সদস্য সকলৰ দুগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা সদস্য।

অভিযানকাৰী দলটোৱে নিহত মাওবাদী সদস্য কেইগৰাকীৰ পৰা এটা একে-৪৭ এছল্ট ৰাইফল, এটা এছ এল আৰ আৰু দুটা ৩১৫ ব’ৰ ৰাইফল উদ্ধাৰ কৰে।