NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ জিলাত ২২ ফেব্ৰুৱাৰিৰ পৰা ১৪৪ ধাৰা বলৱৎ

Posted by: ৰিনয় বসুমতাৰী February 21, 2018 4:14 pm
Section-144

কোকৰাঝাৰ জিলাত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত আজি কোকৰাঝাৰ জিলা দণ্ডাধীশ নিৰঞ্জন বৰুৱাই জিলাখনত জৰুৰীভাৱে ১৪৪ ধাৰা জাৰি কৰিছে।

নিৰ্দেশটোত জিলাখনৰ যিকোনো ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ সমাগম, শোভাযাত্ৰা উলিওৱা, শ্ল’গান দিয়া, সভা-সমিতি পতা, সমাৱেশ পতা, ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন, দুচকীয়া বাহনত দুজন উঠা, অস্ত্ৰ-শস্ত্ৰ, আগ্নেয়াস্ত্ৰ, ধনু-কাঁড় আৰু আন যিকোনো বিপজ্জনক আহিলা লৈ ঘূৰা, ফটকা বা আতচবাজি সংগ্ৰহ, মজুত, ক্ৰয়-বিক্ৰয় তথা মুকলি ঠাইত অনুমতিবিহীনভাৱে মাইকৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে।

অৱশ্যে দুচকীয়া বাহন সম্পৰ্কীয় নিষেধাটোৰ পৰা মহিলা আৰু ১২ বছৰৰ তলৰ শিশু, বৃদ্ধ আৰু শাৰীৰিকভাৱে দুৰ্বল ব্যক্তি, কাৰ্য্যবাহী দণ্ডাধীশ, আৰক্ষী লোক, সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকক ৰেহাই দিয়া হৈছে।

নিৰ্দেশটোত কোৱামতে এই নিৰ্দেশ অহা ২২ তাৰিখৰ পৰা কাৰ্য্যকৰী হ’ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত ই বলৱৎ হৈ থাকিব।