NORTHEAST NOW (Assamese)
Popular Stories

মুম্বাইত কোভিড-১৯ত আক্ৰান্ত অসমীয়া নাৰ্ছৰ ফেচবুক লাইভ : অসম চৰকাৰৰ সহায়ৰ ভিক্ষা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 10, 2020 5:51 pm

মুম্বাইত কৰ্মৰত এগৰাকী অসমীয়া নাৰ্ছৰ দেহত ধৰা পৰিছে মাৰাত্মক COVID19।

আক্ৰান্ত নাৰ্ছ গৰাকীৰ নাম ডেইজী শইকীয়া।

মুম্বাইৰ পি জি হিন্দুজা হস্পিতালত কৰ্মৰত আছিল নাৰ্ছগৰাকী।

কিন্তু তেওঁক অতি লেতেৰা পৰিবেশত কোৱাৰেন্টাইন কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে।

ফেইচবুক লাইভৰ জৰিয়তে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিছে নাৰ্ছ গৰাকীয়ে।

‘আমাৰ কোভিড১৯ পজিটিভ ওলোৱাৰ পাছত হিন্দুজা হাস্পতালে কোনো দায়িত্ব লোৱা নাই। একেলগে ২০০০ বিচনাযুক্ত কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছে। কোভিড ৰোগীৰ লগতে ৰখা হৈছে। না আমাৰ চিকিৎসা কৰা হৈছে না আমাৰ কিবা সুবিধা দিয়া হৈছে। গা মোৰ বহুত বেয়া বুলি মই হস্পিতাল কতৃপক্ষক ফোন কৰি জনাইছো যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। কালিৰে পৰা একো খোৱা নাই। আমাক কোনোধৰণৰ দৰবৰো যোগান ধৰা হোৱা নাই। মোৰ সৈতে প্ৰায় ৫০ গৰাকী নাৰ্ছৰ ষ্টাফ পজিটিভ ওলাইছে। আমাক চৰকাৰেও কোনোধৰণৰ চোৱা-চিতা কৰা নাই।’ ফেইচবুক লাইভৰ জৰিয়তে এইদৰে কয় ডেইজীয়ে।

আনকি পূৰ্বৰ ৰোগীয়ে ব্যৱহাৰ কৰা বেডশ্বীট ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে বুলিও গুৰুতৰ অভিযোগ তোলে ডেইজীয়ে।

‘এই পৰিৱেশত থাকিলে বেছিকৈ সংক্ৰমণ হোৱাৰহে সম্ভাৱনা থাকে। বাথৰুম লেতেৰা, চেনিটাইজাৰ নাই। কোনোধৰণৰ সু-ব্যৱস্থা ৰখা হোৱা নাই।‘নিজেও ভাগৰি গৈছো, কিমান ক’ম আৰু, কালিৰে পৰা কৈ কৈ ভাগৰি পৰিছো’‘ ডেইজীয়ে এইদৰে কয়।

এই অৱস্থাত নাৰ্ছগৰাকীয়ে সহায়ৰ হাত আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই লগতে কয় ‘মহাৰাষ্ট্ৰ চৰকাৰ আৰু হাস্পতাল কতৃপক্ষৰ পৰা আমি কোনোধৰণৰ সহায় পোৱা নাই। মই আশা কৰিছো অসম চৰকাৰে ইয়াৰ পৰা বেলেগলৈ পঠিওৱাৰ ব্যৱস্থা কৰক আৰু সহায় কৰক।‘

অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰিছে মুম্বাইত আক্ৰান্ত হৈ থকা অসমৰ নাৰ্ছগৰাকীয়ে।

নাৰ্ছগৰাকীৰ ঘৰ মহানগৰীৰ চান্দমাৰীত আৰু তেওঁ জিএনআৰচি ৱিএমচি নাৰ্চিং এআইএনইৰ পৰা উত্তীৰ্ণ হৈ মুম্বাইৰ হিন্দুজা হাস্পতালত কৰ্মৰত আছিল।