NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত আৰু দুজন লোকৰ শৰীৰত কোভিড১৯ : ৬৪ গৰাকীলৈ বৃদ্ধি হ’ল আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 11, 2020 5:33 pm
index.jpgngfng

আজিৰ দিনটোত ৰাজ্যত আৰু দুগৰাকীকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

গুৱাহাটীত দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

 

অসমত এতিয়ালৈকে ৬৪ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ।

তাৰে ২৯ জন চিকিৎসাধীন।

৩৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে।

আক্ৰান্ত লোক কেইগৰাকী গুৱাহাটী আৰু মৰিগাঁৱৰ বুলি জনাইছে স্বাস্থ্য মন্ত্ৰীয়ে।

বৰ্তমানলৈকে সম্পূৰ্ণ নাম আৰু ঠিকনা প্ৰকাশ কৰা নাই ৰোগী দুগৰাকীৰ।