NORTHEAST NOW (Assamese)
অসম

‘২০ লাখ কোটি টকা অৰ্থনৈতিক পেকেজ কিমানদূৰ ৰূপায়ণ হ’ব?’ : বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 14, 2020 8:14 am
index.jpg44

মঙলবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজক সমৰ্থনযোগ্য আখ্যা দিলে বিৰোধীৰ দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই।

শইকীয়াই কয় যে  “প্ৰধানমন্ত্ৰী মোডীয়ে অৰ্থনৈতিক পেকেজ ঘোষণাৰে দেশবাসীক আত্মনিৰ্ভৰশীল হবলৈ জনোৱা আহ্বান সমৰ্থন যোগ্য।”

ইয়াৰ ফলাফল বাবে আমি অপেক্ষা কৰিব লাগিব বুলি কৈ শইকীয়াই কয়, “কাৰণ দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত মজদুৰ লকডাউনৰ বাবে গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰিছে।”

“সেই ঘূৰি অহা মজদুৰ তথা শ্ৰমিকসকলক পুনৰ কাৰখানাসমূহলৈ ঘূৰি যাব পৰাকৈ চৰকাৰে কিমান আত্মবিশ্বাস দিব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব ভৱিষ্যতৰ উদ্যোগ জগতখন।” শইকীয়াৰ মন্তব্য।

আনহাতে বিৰোধী দলপতিজনে আৰু কয়, “পূৰ্বতেও দেশত মেক ইন ইণ্ডিয়া কাৰ্যক্ৰম চলোৱা হৈছিল।”

সেই আঁচনিয়ে যি উদ্যোগক্ষেত্ৰখন আগবাঢ়িব লাগিছিল তাক দেখা পোৱা নগ’ল বুলি কৈ শইকীয়াই কয়, “গতিকে ২০ লাখ কোটি টকা অৰ্থনৈতিক পেকেজ কিমানদূৰ ৰূপায়ণ হ’ব ছোৱা পিছতহে ক’ব পৰা যাব।”

ইপিনে চৰকাৰে পূৰ্বে ঘোষণা কৰা বহু আঁচনি কার্যত ৰূপায়ণ হোৱা নাছিল বুলি উল্লেখ কৰিছে শইকীয়াই।

“বিগত ল’কডাউনৰ ৫০টা দিনে প্ৰধানমন্ত্ৰীৰ জন-ধন আঁচনি খাদ্য সুৰক্ষাৰ পৰা ৮০কোটি মানুহৰ ২৫ কোটি বঞ্চিত হৈ আছে। ৫০ শতাংশ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনা তথা গৰিব কল্যাণ আঁচনিৰ অৰ্থনৈতিক সহায় পোৱা নাই।” শইকীয়াৰ মন্তব্য।

বৰ্তমান সময় দুৰ্দশাগ্ৰস্ত সকলক আমি প্ৰথম আশ্বস্ত কৰিব লাগিব।তাৰ পিছতহে তেওঁলোকৰ জৰিয়তে অৰ্থনৈতিক ভাৱে দেশক আগবঢ়াই নিব লাগিব বুলি কয় বিৰোধী দলপতি জনে৷