NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰেই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে লাভ কৰিব তিনি মাহৰ দৰমহা

Posted by: এন ই নাও নিউজ February 22, 2018 7:35 am
Nagaon paper mill

শীঘ্ৰেই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে পাব তিনি মাহৰ বেতন। কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণক লৈ যোৱা কেইবা দিনো ধৰি ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দল-সংগঠনে ধৰ্ণা প্ৰতিবাদত বহা পৰিলক্ষিত হৈছে। এইবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁওৰ সাংসদ তথা ৰেইল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে বুধবাৰে নতুন দিল্লীত এক আলোচনাৰ অন্তত এই কথা প্ৰকাশ কৰে।

মন্ত্ৰী গোহাঁয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলি আৰু কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী অনন্ত গীতেক সাক্ষাত কৰাৰ লগতে নিটি আয়োগৰ চি ই অ’ অমিতাভ কান্তেৰ সৈতে কল দুটাৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল। আলোচনাৰ অন্তত গোহাঁয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে লৈছে।

উল্লেখ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কল দুটা কাৰ্যক্ষম কৰি তোলাৰ বাবে যোৱা সোমবাৰে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়লৈ ফ’ন কৰাৰ পাছতেই কেন্দ্ৰই কাগজ কল সম্পৰ্কত সক্ৰিয়তা দেখুওৱা পৰিলক্ষিত হৈছে।

মন্ত্ৰী গোহাঁয়ে জনোৱা মতে, কল দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে নিটি আয়োগে গঠন কৰি দিয়া উপ সমিতিৰ এখন বিশেষ বৈঠকত কল দুটাৰ কৰ্মচাৰী সকলক সদ্যহতে তিনি মাহৰ বেতন মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ লগতে অহা জুন মাহৰ ভিতৰত কৰ্মচাৰীসকলে পাব লগীয়া সমুদায় বেতন লাভ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী জনে লগতে কয় যে কল দুটাৰ পৰিচালন আৰু উৎপাদনৰ সমস্ত দায়িত্ব ব্যক্তিগত খণ্ডক অৰ্পণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদা আহ্বান কৰিছে। সেই অনুসৰি কেইবাটাও প্ৰতিষ্ঠান আগবাঢ়িও আহিছে। পৰৱৰ্তী সময়ত উক্ত প্ৰতিষ্ঠানসমূহৰ লগত আলোচনা কৰি কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ আৰ্থিক পেকেজো প্ৰদান কৰিব।