NORTHEAST NOW (Assamese)
Popular Stories

নিজ দেশত ক’ৰ’না মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰিলে ইউৰোপৰ এইখন দেশৰ চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 6:05 pm
1862 persons test COVID-19 positive in Assam on Friday

ভাৰতৰ লগতে সমগ্ৰ বিশ্বত ক’ৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়তে ইউৰোপীয়ান দেশ শ্লোভানিয়াই দেশখনত বৃহস্পতিবাৰে ক’ৰ’না মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰে।

শ্লোভানিয়া চৰকাৰে বৃহস্পতিবাৰে দেশখনত ক’ৰ’না মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা কৰাৰ লগে লগে ইউৰোপৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

শ্লোভানিয়াত বিগত দুসপ্তাহৰ ধৰি প্ৰতিদিনে সাত গৰাকীতকৈ কম লোক ক’ৰ’না ভাইৰাছত নতুনকৈ আক্ৰান্ত হোৱাৰ পাছত দেশখনৰ চৰকাৰে শ্লোভানিয়াত ক’ৰ’না ভাইৰাছৰ মহামাৰীৰ সমাপ্তি ঘটনা বুলি ঘোষণা কৰে।

আনহাতে, দেশখনৰ চৰকাৰে যিসকল বিদেশী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখাপোৱা গৈছে তেওঁলোকক শ্লোভানিয়াত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নাই বুলি কয়।

শ্লোভানিয়াত ১৫০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা ইউৰোপ আৰু আমেৰিকা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

ইউৰোপৰ ইটালী, স্পেইন, ফ্ৰান্স, জাৰ্মানীকে ধৰি প্ৰায়বোৰ দেশতে ক’ৰ’না ভাইৰাছে ব্যাপক ক্ষতিসাধন কৰিছে।

ভাৰততো আজি পৰ্যন্ত ৮২,০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।