NORTHEAST NOW (Assamese)
Popular Stories

ATMসহ বন্ধ কৰি দিয়া হ’ল মহানগৰীস্থিত এলাহাবাদ বেংকৰ এটা শাখা, বিষয়া-কৰ্মচাৰীক কোৱাৰেন্টাইন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 15, 2020 6:36 pm

মহানগৰীৰ মাছখোৱাৰ এলাহাবাদ বেংক আৰু এটিমৰ সকলো কাম-কাজ বন্ধ ৰখাৰ নিৰ্দেশনা দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

জিলাখনৰ অতিৰিক্ত উপায়ুক্তই এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে এই কথা।

জাননীত উল্লেখ থকা অনুসৰি ফাঁচিবজাৰৰ একাংশ কোভিদ-১৯ আক্ৰান্তই বেংকটোত ধনৰ লেনদেন কৰিছিল। যাৰ ফলত এতিয়া ভয়াবহ আশংকাই দিছে উক্ত অঞ্চলত।

সেয়েহে আজিৰে পৰা কাৰ্য্যকৰী হোৱাকৈ বেংকৰ সকলো প্ৰশাসনী কাম-কাজ অথবা বিত্তীয় লেনদেন বন্ধ ৰাখিবলৈ কোৱা হৈছে বেংক কতৃপক্ষক।

ইপিনে, বেংকটোত কৰ্মৰত সকলো বিষয়া-কৰ্মচাৰীক হোম কুৱাৰেন্টাইন হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

কামৰূপ মহানগৰ জিলা নীৰিক্ষণ বিষয়া আৰু জিলা উপায়ুক্তৰ উপস্থিতিত স্বাস্থ্য বিভাগে সকলো বিষয়া-কৰ্মচাৰীৰ স্বাৱ চেম্পল সংগ্ৰহ কৰি টেষ্ট কৰিব বুলি জাননীত উল্লেখ।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ৰ দিনা ফাঁচিবজাৰ অঞ্চলৰ মুঠ ১৫ জনকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰিছিল।

আক্ৰান্ত কেইজনৰ নাম ক্ৰমে সুবোধ কুমাৰ, সুনীল ৰয়, মুকেশ সিং, গণি কেৱাট, বিশ্বনাথ শ্বাহা, বিদ্বেশ্বৰী ঠাকুৰ, প্ৰবীণ কুমাৰ ৰাও, লাখৰো নিচাব, শংকৰ চাহা, কৃষ্ণ কুমাৰ গুপ্তা, চিপূজন নিচাব, অজয় কুমাৰ,   সঞ্জীত কুমাৰ আৰু প্ৰভাত আনন্দ আৰু সুমিত কুমাৰ।

আক্ৰান্ত আটাইকেগৰাকী বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত চিকিৎসাধীন হৈ আছে।