NORTHEAST NOW (Assamese)
অসম

নিজৰ পৈতৃক প্ৰাসাদ কিনি ল’ব লগা হৈছিল ছেইফ আলি খানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 9:32 pm
Actor Saif Ali Khan earned back his ancestral Pataudi Palace

বলিউদ অভিনেতা ছেইফ আলি খানে নিজৰ পৈতৃক ঘৰ পাটাউদি প্ৰাসাদটো কিনি ল’ব লগা হৈছিল।

বাতৰি মতে প্ৰাসাদটোৰ মূল্য ৮০০ কোটি টকা।

ছেইফ আলি খান নৱাবি পৰিয়ালৰ আৰু তেওঁৰ দেউতাক আছিল বিখ্যাত ক্ৰিকেটাৰ মনছুৰ আলি খান পাটাউদি।

দেউতাকৰ মৃত্যুৰ পিছত প্ৰাসাদটো নীমৰানা হোটেল নামৰ এটা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়া হৈছিল।

পিছত ছেইফ আলি খানে চিনেমাত অভিনয় কৰি পোৱা ধনেৰে প্ৰাসাদটো কিনি লৈছিল।

এটা ৱেবছাইটৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছিল অভিনেতাজনে।

“যিটো ঘৰ মই উত্তৰাধিকাৰীসূত্ৰে পাব লাগিছিল সেইটো মই চিনেমা কৰি পোৱা পইচাৰে ঘূৰাই পালো,” ছেইফ আলি খানে সাক্ষাৎকাৰটোত কয়।

পাটাউদি প্ৰাসাদটো ১৯৩৫ চনত নিৰ্মাণ কৰা হৈছিল।

প্ৰাসাদটোত ডেৰ শতাধিক কোঠা আছে আৰু তাত এশ মানুহে কাম কৰে।