NORTHEAST NOW (Assamese)
অৰুণাচল

সেনা-আৰক্ষীৰ জালত অৰুণাচলৰ প্ৰাক্তন বিধায়ক তিৰং আবহ হত্যাকাণ্ডত জড়িত নিয়াৰ মষ্ট ৱাণ্টেড অপৰাধী পুমান ৱাংচুক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 9:33 pm

বিগত বৰ্ষত অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ বিধায়ক তিৰং আবহকে ধৰি ১১ গৰাকী লোকৰ জঘন্য হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত সেনা আৰু আৰক্ষীয়ে বৃহস্পতিবাৰে এন এছ চি এন মুইভা গোটৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী পুমান ৱাংচুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বিশেষ তথ্যৰ আধাৰত সেনা আৰু আৰক্ষীয়ে অৰুণাচলৰ লংডিঙ জিলাত চলোৱা অভিযানত জালত পৰে এন এছ চি এন মুইভা গোটৰ ছাৰ্জেণ্ট মেজৰ পুমান বাংছু।

দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য গৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়।

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন বিধায়ক তিৰং আবহৰ হত্যাকাণ্ডত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই এন এছ চি এন মুইভা গোটৰ কেডাৰ পুমান বাংছুক ম’ষ্ট ৱাণ্টেড হিচাপে ঘোষণা কৰিছিল।

অৰুণাচলৰ পশ্চিম খুনচা বিধানসভা সমষ্টিত এন পি পিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তিৰং আবহক ২০১৯ বৰ্ষৰ ২১ মে’ত অৰুণাচল প্ৰদেশৰ তিৰাপত সন্দেহযুক্ত এন এছ চি এন (আই এম)য়ে নৃশংভাৱে গুলীয়াই হত্যা কৰিছিল।

এই ভয়ংকৰ আক্ৰমণটোত বিধায়ক আবহৰ উপৰি তেওঁৰ সৰু পুতেক, চালক, গৃহৰক্ষীকে ধৰি মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।