কোকৰাঝাৰত কুৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ

অসমৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই দেওবাৰে কোকৰাঝাৰত কুৱাৰেণ্টিন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।
নামনি অসমৰ নখন জিলাৰ বহিৰাজ্যৰ পৰা বাছেৰে অনা লোকক আবদ্ধ কৰি ৰাখিবৰ বাবে কোকৰাঝাৰত ১৯টাতকৈও অধিক কুৱাৰেণ্টিন চেণ্টাৰ স্থাপন কৰা হৈছে কোকৰাঝাৰ জ’নত।
মন্ত্ৰীজনে প্ৰথমতে কোকৰাঝাৰ কাটলগুৰীস্থিত “SAI COMPLEX” কুৱাৰেণ্টিন কেন্দ্ৰত দুপৰীয়া ১ বজাত উপস্থিত হয়।
কেন্দ্ৰটোত মন্ত্ৰীজনে কমেও এক ঘন্টা ধৰি কেন্দ্ৰত থকা লোকসকলৰ লগতে জিলা স্বাস্থ্য বিষয়া আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।
মন্ত্ৰী হাজৰিকাই কয় যে নামনি অসমৰ কোকৰাঝাৰ জ’নত বৰ্তমান বহিৰাজ্যৰ পৰা অহা ২৩০০কৈও অধিক লোকে কুৱাৰেণ্টিন হৈ আছে।
“ৰেলপথেৰে অনা লোকক নিজ নিজ জিলাসমূহত লৈ যাব দিয়া হ’ব। কিন্তু বাছেৰে অনা লোকক কোকৰাঝাৰ জ’নৰ কুৱাৰেণ্টিন কেন্দ্ৰসমূহত ৰখা হ’ব। স্বাস্থ্যৰ পৰীক্ষা কৰি নিগেটিভ পালেহে স্থাম্প মাৰি নিজ নিজ জিলাসমূহলৈ যাবলৈ দিয়া হ’ব,” মন্ত্ৰী হাজৰিকাই কয়।
আনহাতে বিটিচিত ৰাজ্যপালৰ শাসনক লৈ সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীজনে মন্তব্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে।
“ক’ভিদ-১৯ সংক্ৰমণৰ পৰিস্থিতিৰ বুজ লবলৈহে আহিছো, ৰাজনৈতিক মন্তব্য নকৰো,” মন্ত্ৰীজনে কয়।
তেওঁ কয় যে সমালোচনা কৰাৰ এয়া সময় নহয়, এয়া মহামাৰী ক’ভিদ-১৯ ভাইৰাছক চৰকাৰে দিয়া নিৰ্দেশনা মানি হৰুওৱাৰ সময়হে।
কোকৰাঝাৰৰ কুৱাৰেণ্টিন কেন্দ্ৰসমূহলৈ দৈনিক বহু লোক আহি আছে। কাৰোবাক বাছেৰে অনা হৈছে আৰু বহিৰাজ্যৰ পৰা অহা আন কিছু লোক নিজেই থাকিবলৈ আহিছে।
আনহাতে, মন্ত্ৰী হাজৰিকাৰ লগতে উপস্থিত থকা বি পি এফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে কোকৰাঝাৰ জ’নত আবদ্ধ লোকক নিজ নিজ জিলাত লৈ যোৱা হ’ব।
তেওঁ কয় যে সেই সন্দৰ্ভত মন্ত্ৰীৰ উপস্থিতিত আলোচনা কৰা হ’ব।
ইপিনে ৰাজ্যপালৰ শাসনৰ সন্দৰ্ভত সাংসদ দৈমাৰীয়ে কয় যে ভাৰতৰ সংবিধানৰ আধাৰত বি টি চিত বি পি এফৰ কাৰ্যকাল বৃদ্ধি কৰা ব্যৱস্থা আছিল আৰু সেইলৈ ইতিমধ্যে উচ্চ ন্যায়ালয়ত আইনৰ সহায় লোৱা হৈছে।
“কাইলৈ ১৮ মে’ত শুনানি হ’ব। ন্যায়ালয়ৰ ন্যায়ৰ জৰিয়তে আমি ফলাফল পাম,” সাংসদগৰাকীয়ে কয়।