NORTHEAST NOW (Assamese)
অসম

বাংলাদেশী চিকিৎসকে বিচাৰি পালে কৰ’না ভাইৰাছৰ দৰৱ; ৰোগী সুস্থ হৈ উঠাৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2020 10:20 am

গোটেই বিশ্বৰে এতিয়া দৃষ্টি নিৱদ্ধ হৈ আছে কৰ’না ভাইৰাছৰ ভেকচিনৰ ওপৰত। বিভিন্ন দেশৰ গৱেষক-চিকিৎসা বিজ্ঞানীয়ে ইয়াৰ বাবে ব্যস্ত হৈ পৰিছে।

ইয়াৰ মাজতে বাংলাদেশৰ চিকিৎসকে কৰ’না ভাইৰাছৰ দৰৱ বিচাৰি পোৱাৰ দাবী কৰিছে।

বাংলাদেশৰ এটা চিকিৎসকৰ দলৰ দাবী অনুসৰি দুটা দৰৱ মিলাই প্ৰস্তুত কৰা এন্টিড’ট (বিষনাষক দৰৱ)ৰে কৰ’না ভাইৰাছৰ লক্ষণযুক্ত ৰোগীক সুস্থ কৰি তোলাত আচৰিত সুফল লাভ কৰিছে।

বিশ্বৰ উন্নত দেশসমূহে এইক্ষেত্ৰত হতাশ হোৱাৰ সময়তে বাংলাদেশৰ চিকিৎসকৰ দলটোৱে মাৰাত্মক কোভিড-১৯ৰ চিকিৎসাৰ এই দাবী কৰিছে।

বাংলাদেশৰ প্ৰাইভেট মেডিকেল কলেজ হাস্পাতল BMCHৰ মেডিচিন বিভাগৰ প্ৰধান চিকিৎসক ডাঃ মহম্মদ তাৰিক আলমে দাবী কৰে যে দুবিধ দৰৱ মিলাই তৈয়াৰ কৰা এন্টিড’টৰ সহায়ত ৬০জন কৰ’না ৰোগী সুস্থ হৈছে।

অধ্যয়ন অনুসৰি, এবিধ এন্টিবায়’টিক ডক্সিচাইক্লিনৰ সৈতে ইভাৰমেক্টিন নামৰ এন্টিপ্ৰটোজিয়লৰ এটা ড’জ মিলাই ব্যৱহাৰ কৰিব পাৰি যিয়ে কোভিড-১৯ ৰোগীক সুস্থ কৰি তোলাত আচৰিত ফলাফল দিয়ে।

বাংলাদেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২২,২৬৮জনলৈ বৃদ্ধি পাইছে আৰু ইয়াৰে ৪,৩৭৩জন ৰোগী সুস্থ হৈ উঠিছে।

দেশখনত মুঠতে ৩২৮জন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।

ইপিনে, গোটেই বিশ্বতে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০লাখ অতিক্ৰম কৰিছে আৰু ৩ লাখ ১৫হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।