NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামৰ সমীপৱৰ্তী ভৰাগুৰিত দুটা বনৰীয়া হাতীয়ে বিনষ্ট কৰিলে কেইবাবিঘা ধান খেতি

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা May 19, 2020 8:41 am

নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপৱৰ্তী অঞ্চলত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ। পুৰণিগুদামৰ ভৰাগুৰি অঞ্চলত দুটাকৈ বনৰীয়া হাতী প্ৰৱেশ কৰাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ লোক সকল।

বনৰীয়া হাতী দুটাই বিনষ্ট কৰিছে ভৰাগুৰিৰ ঝাঁৰ গাঁৱৰ বহু বিঘা ঠোক ধৰা বড়ো ধানৰ খেতি। যাৰ বাবে মূৰে-কঁপালে হাত দিবলৈ বাধ্য হৈছে ভুক্তভোগি কৃষক সকলে।

দিনটো অঞ্চলটোত ঘূৰি-ফুৰি উপদ্ৰৱ চলোৱা হাতী দুটাৰ বিষয়ে বন বিভাগক স্থানীয় ৰাইজে উপায়হীন হৈ অৱগত কৰাত কঠালগুৰি আৰু উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বনকৰ্মীয়ে অঞ্চলটোত বিয়লি উপস্থিত হৈ সোমাবাৰে নিশা পৰ্য্যন্ত অব্যাহত ৰাখে হাতী খেদা অভিযান।

ইফালে বনৰীয়া হাতী দুটা প্ৰতি বছৰৰ দৰে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী বনৰক্ষী কেইজনে।

অৱশ্যে অঞ্চলবাসীৰ সহযোগত কেৱল মাত্ৰ ফটকা অথবা আতচবাজী ফুটায়ে বহু প্ৰচেষ্টাৰ অন্তত নিশা হাতী দুটা কাৰ্বি পাহাৰৰ দিশে খেদি পঠিয়াবলৈ সক্ষম হয় বন বিভাগে।

অঞ্চলটোত সঘনাই উপদ্ৰৱ চলাই অহা বনৰীয়া হাতী দুটাক বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে অভিযানকাৰী বনকৰ্মী সকলক।