NORTHEAST NOW (Assamese)
অসম

টিৰাপ নৈৰ কোবাল সোঁতত সন্ধানহীন এগৰাকী ব্যক্তি; এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 19, 2020 8:29 pm

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুনৰ টিৰাপ নৈত জে চি বিয়ে মাটি খননৰ পাছত সৃষ্টি হোৱা গাঁতত সোমাই এজনলোক সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি, ১৮ মে’ৰ সন্ধিয়া খোজকাঢ়ি নৈ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে পানীৰ কোবাল সোঁতে উটুৱাই লৈ যায় লোকজনক।

প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য মতে, লোকজনে পানীৰ কোবাল সোঁতত ক’কবকাই উটি যোৱাৰ সময়ত নিজকে মৃত্যুৰ পৰা বচাবলৈ সহায় ভিক্ষা বিচাৰে আৰু ঠিক তেনে সময়তে নৈখনৰ পাৰত কাম কৰি থকা এগৰাকী মহিলাই সহায়ৰ হাত আগবঢ়ায় যদিও নিমিষতে লোকজন পানীৰ মাজত অন্তৰ্ধান হয়।

বৰ্তমান লোকজনৰ সন্ধানত এছ ডি আৰ এফৰ জোৱানে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰেৰণ কৰালৈকে লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নায়।

আনহাতে, বৰ্তমানলৈ সন্ধানহীন লোকজনৰ কোনো ধৰণৰ পৰিচয় লাভ কৰিবলৈ সক্ষম  হোৱা নায় ।

ইপিনে, ১৮ মে’ৰ আবেলিৰ পৰা ফানেঙৰ তুফান খাৰিয়া (৪৩)নামৰ ব্যক্তি এজন নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

নৈৰ বুকুত উটি যোৱা লোকজন তুফান খাৰিয়া হ’ব পাৰে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, অঞ্চলটোত অবৈধভাৱে দীৰ্ঘদিনে জে চি বিৰে শিল খনন কাৰ্য্য চলাই অহা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।