NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2020 6:54 am

ক’ৰ’না ভাইৰাছে ভাৰতৰ পৰিস্থিতি আৰু অধিক শোচনীয়ৰ ফালে গতি কৰিছে। ভাৰতত প্ৰথমবাৰৰ বাবে এটা দিনত ৰেকৰ্ড সংখ্যক ৬১৪৮ গৰাকী লোক সংক্ৰমিত হোৱাৰ তথ্য আহিছে।

ইয়াৰ ভিতৰত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ২০২৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমান ভাৰতত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ১,০৬,৪৭৫।

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ পৰিস্থিতি অধিক উদ্বেগজনক। ১৯ মে’ৰ দিনটোত একমাত্ৰ মুম্বাইতে ১৪১১ টা পজিটিভ ঘটনা ওলাইছে। ইয়াকে লৈ গভীৰ চিন্তাত পৰিছে উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰ।

মঙলবাৰৰ দিনটোত মহাৰাষ্ট্ৰৰ উপৰি তামিলনাডুত ৰেকৰ্ড সংখ্যক ৬৮৮, দিল্লীত ৫০০, গুজৰাটত ৩৯৫, উত্তৰ প্ৰদেশত ৩২১, মধ্যপ্ৰদেশত ২২৯, কৰ্ণাটকত ১৪৯, পশ্চিম বংগত ১৩৭ গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ত।