NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ ১২৮ খন গাঁৱত আম্ফানৰ বাবে হাই এলাৰ্ট জাৰী জিলা প্ৰশাসনৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী May 21, 2020 11:19 am
index.jpg000

সমগ্ৰ দেশ জুৰি ক’ৰ’না আতংকৰ মাজতে দেশবাসী লৈ আন এটা আতংকময় খবৰে চিন্তিত কৰি তুলিছে সকলোকে।

কিয়নো পশ্চিম বংগ আৰু উৰিষ্যাত আম্ফানে বিস্তৰ ক্ষতি কৰাৰ পিছতে এইবাৰ আগতীয়া কৈ যোৱা নিশা বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও জিলাৰ ১২৮ খন গাঁৱলৈ সতৰ্কবাণী জাৰী কৰে।

আজিৰ দিনত কোনো কাৰণতে যাতে কোনেও অযথা ঘৰৰ পৰা বাহিৰলৈ নোলায় বা ৰাস্তাত গাড়ী মটৰ লৈ চলা ফুৰা নকৰে। যিহেতু ইতিমধ্যে যোৱা নিশাৰে পৰাই সমগ্ৰ নামনি অসমতে মৃদুবতাহ আৰু বৰষুণ হৈ আছে।

সেইবাবে স্পৰ্শকাতৰ অঞ্চলসমূহত জিলা প্ৰশাসনে সতৰ্কতা জাৰী কৰিছে।

সতৰ্কতা জাৰী কৰা গাঁওসমূহ হৈছে সৃজনগ্ৰাম ৰাজহচক্ৰৰ অন্তৰ্গত আমগুৰী, বালাৰপেট, কাহীবাৰী, টেন্টনপুৰ, তিলপুখুৰী, ঘোৰামাৰা, হৰামৰা, কছাৰপেটি, নাৰাৰভিটা, টোপগাঁওকে আদিকৰি ১৮ খন গাঁও।

আনহাতে মাণিকপুৰৰ ৰাজহ চক্ৰ অন্তৰ্গত ৫৩ খন গাঁও হ’ল- ভাণ্ডাৰ, ছালাবিলা, নোৱাপাৰা, ঔডুবি, বাশবাৰী, ঝাৰাগুৰি, চক্ৰশিলা, নাছনগুৰিকে ধৰি ৫৩ খন গাঁও।

ডাঙতলৰ হাপাচৰা, চিকিমিকি, ঘোৰামাৰা, টাকুমাৰী, নয়াপাৰা আদি কৰি ১৮ গাঁৱলৈ সতৰ্কতা জাৰী।

ইফালে বৈটামাৰী ৰাজহ চক্ৰ ২৮ খন আৰু বঙাইগাঁও ৰাজহ চক্ৰ ১৬ গাৱলৈ নিশা বঙাইগাঁও জিলা প্ৰশাসনে বিশেষ সতৰ্কতা জাৰী কৰে।

তাৰ মূল কাৰণ হল উক্ত গাওঁ সমূহ মানাহ আৰু আই নৈৰ দাতিকাষৰীয়া গাওঁ।

বঙাইগাঁও জিলা প্ৰশাসনে অতি তৎপৰতাৰে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়ে ৰাইজৰ বাবে।

০৩৬৬৪২৩১১৭১ আৰু ৭০৮৬৭৯৩৫০৭ এই দুটা হেল্প লাইন  নম্বৰ মুকলি কৰিছে।

বঙাইগাঁও জিলা প্ৰশাসনে সকলোকে সাৱধানতা অৱলম্বন কৰি চলিবলৈ আহ্বান জনাইছে।