NORTHEAST NOW (Assamese)
Popular Stories

‍‘বৰষুণত তিতি এতিয়া জ্বৰ হ’ব’ বুলি সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা প্ৰশ্ন প্ৰশাসনক

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 21, 2020 1:13 pm

সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত প্ৰশাসনৰ সু পৰিকল্পনা তথা সু ব্যৱস্থাৰ অভাৱৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা একাংশ ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিক।

নিশাৰ ভাগৰে পৰা বৰষুণত তিতি তিতি সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ সন্মুথত শাৰী পাতি ৰৈ আছে বহিঃৰাজ্যৰ পৰা অহা এই সকল লোক।

‍‘অকল শাৰী পতাই দায়িত্ব সামৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে’, নাম প্ৰকাশত অনিচ্ছুক এজন যুৱকে এইদৰে কয়।

বহিঃৰাজ্যৰ পৰা কোৱাৰেণ্টাইন হ’বলৈ অহা এই লোকসকলে শাৰি পতা ঠাইত কোনো ধৰণৰ ত্ৰিপালৰ ব্যৱস্থা নাই। যাৰ ফলত এই সকল লোকে এখন বস্তা অথবা গামোচাৰে নিজকে বৰষুণৰ পৰা ৰক্ষাৰ চেষ্টা চলাইছে।

উল্লেখ্য যে, ক’ৰ’নাৰ পৰা বাচি থাকিবলৈ বাৰম্বাৰ সামাজিক দূৰত্বৰ কথা কৈ অহা হৈছিল যদিও চৰকাৰ আৰু প্ৰশাসনৰ সু পৰিকল্পনাৰ অভাৱত সামাজিক দূৰত্ব খোদ কোৱাৰেণ্টাইন চেণ্টাৰতে ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে।

‍‘লাখ লাখ টকা খৰচ কৰিছে কিন্তু ত্ৰিপালৰ ব্যৱস্থা কৰিব লাগে। বৰষুণত তিতি তিতি এতিয়া আমাৰ জ্বৰ হ’ব’, বেংগালুৰুৰ পৰা অহা এজন যুৱকে এইদৰে কয়।